সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে বজালীৰ (Bajali) বামাখাটাত। নিলাজ যুৱকৰ নিকৃষ্ট মানসিকতাৰ বলি এগৰাকী যুৱতী। গা ধুই থকা অৱস্থাত বাথৰুমৰ ফাঁকেৰে যুৱকে কৰিলে যুৱতীৰ ভিডিঅ’ (Youth Shot Videos Of Girl Taking Bath)। বৃহস্পতিবাৰে সংঘটিত হৈছে এই ঘটনা।
যুৱকজনে ভিডিঅ’ (Video) কৰি থাকোতে স্থানীয় ৰাইজে হাতে-লোটে ধৰিলে যুৱকজনক। তাৰ পিছত যুৱকজনক গছত বান্ধি থ’লে। যুৱকজন বজালী জিলাৰ পুঠিমাৰীৰ জিন্তু চৌধুৰী। ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আছিল যুৱকজনে। খবৰ পোৱা মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী। আৰক্ষীয়ে আটক কৰি থানালৈ লয় যায় যুৱকজনক। ঘটনাটোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত।
Photo & Input: Kamal Deka
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/watch-viral-video-woman-hit-with-slippers-to-lover/11899/
Discussion about this post