কোৱা হয় গুৰু-শিষ্যৰ সম্পৰ্ক স্বৰ্গীয়। কিন্তু বিলাসীপাৰাত গুৰু আৰু শিষ্যৰ সম্পৰ্কৰ মাজত কালিমা সানিলে এজন প্ৰবক্তাই। অনলাইন শিক্ষাৰ নামত এজন প্ৰবক্তাই ছাত্ৰীক দিলে অশ্লীল ইংগিত। ইয়াকে লৈ উত্তপ্ত হৈ পৰে বিলাসীপাৰা মহাবিদ্যালয় চৌহদ।
ঐতিহ্যমণ্ডিত বিলাসীপাৰা মহাবিদ্যালয়। পূৰ্বৰে পৰা চলি অহা মহাবিদ্যালয়খনৰ গুৰু-শিষ্যৰ সম্পৰ্কক ভৰিৰে মোহাৰিলে মহাবিদ্যালয়খনেৰ এজন প্ৰবক্তাই। শিক্ষা বিভাগৰ বিষ্ণু পদ ৰায় নামৰ প্ৰবক্তাজনে মহাবিদ্যালয়খনৰ এগৰাকী ছাত্ৰীক মেছেজযোগে বিভিন্ন অশ্লীল ইংগিত দিয়ে।
লগতে প্ৰবক্তাজনে মেছেজত অশ্লীল ইংগিত দি লিখিছিল যে- যদি ছাত্ৰীগৰাকীয়ে প্ৰবক্তাজনৰ ঘৰত যায় তেতিয়া তাইক ‘টপাৰ’ বনাব বুলিও মেচেছ দিয়ে।
প্ৰবক্তাৰ মেছেজ ছাত্ৰীলৈ-
প্ৰবক্তাজনৰ এনে অনাকাংক্ষিত মেচেছ পাই ছাত্ৰীগৰাকীয়ে পৰিয়ালক জনায়। সোমবাৰে পৰিয়ালৰ লোক আৰু বিভিন্ন সংগঠনৰ বিষয়-ববীয়া মহাবিদ্যালয় খনত উপস্থিত হৈ প্ৰবক্তাজনক বিচাৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
পিছত আৰক্ষীৰ দলে মহাবিদ্যালয়খনত উপস্থিতহৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে। এই সন্দৰ্ভত সংগঠনৰ বিষয়-ববীয়াসকলে প্ৰবক্তাজনক তৎকালীনভাৱে বহিস্কাৰ কৰাৰ দাবী উত্থাপন কৰে।
ইফালে মহাবিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে এমাহৰ বাবে প্ৰবক্তাজনক নিলম্বিত কৰিছে বুলি জানিবলৈ দিয়ে।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post