দুৰ্গা পূজা দুৱাৰ দলিত, সেইকাৰণে দুটকা অতিৰিক্তভাৱে উপাৰ্জন কৰিবলৈ ঘোচ ল’বলৈ ওলাইছিল কিন্তু খাবহে নাপালে। হাতে-লোটে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই (Directorate of Vigilance and Anti-Corruption)। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তে (Assam Police Headquarter) চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ ইউবিৰ নায়ক মিয়াচান্দ আলী (Arrest NK(UB) Miachand Ali)। ঘোচ (Bribe Case) লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ মিয়াচান্দ আলীক। অভিযোগকাৰীৰ অমীমাংসিত বিধেয়কৰ প্ৰক্ৰিয়াকৰণ আৰু পাছ কৰাৰ বাবে ধন দাবী কৰিছিল দুৰ্নীতিগ্ৰস্ত বিষয়াজনে।
NK(UB) Miachand Ali of @assampolice Hq has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for expediting processing and passing of pending Bills of complainant. @CMOfficeAssam pic.twitter.com/BBtTZLATP8
— GP Singh (@gpsinghips) September 28, 2022
কিন্তু দাবী কৰা ধন গ্ৰহণৰ সময়তে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাৰ হাতত। টুইটাৰযোগে মিয়াচান্দৰ গ্ৰেপ্তাৰৰ কথা সদৰি কৰিছে বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে (G P Singh)।
Photo & Input: Ramesh Baishya
Discussion about this post