APSC কেলেংকাৰীত গ্ৰেপ্তাৰ হল পুনৰ এগৰাকী বিষয়া । সোমবাৰে SITয়ে গ্ৰেপ্তাৰ কৰিলে ADCP সুকন্যা দাসক। সুকন্যা দাস আজি SIT ৰ সন্মুখত হাজিৰ হৈছিল ।
APSCত বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগ সুকন্যা দাসৰ বিৰুদ্ধে। ৬খন বহীৰ সলনি বিষয়াগৰাকীৰ আছে ৪খন বহী । ২খন উত্তৰ বহী ভুৱা APS গৰাকীৰ।
উল্লেখ্য যে, APSC কেলেংকাৰীত কেইবাগৰাকী বিষয়াৰ নাম সাঙোৰ খাইছে। কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ হৈছিল ৰাকেশ দাস নামৰ ACS বিষয়াগৰাকী। বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগ ACS বিষয়াগৰাকীৰ বিৰুদ্ধে। আনে লিখা উত্তৰবহীৰে চাকৰিত উত্তীৰ্ণ হৈছিল দাস। ৰাকেশ দাসৰ পিতৃৰ সৈতে ৰাকেশ পালৰ ঘনিষ্ঠতাৰ বাবেই ৰাজপত্ৰিত বিষয়া হৈছিল ৰাকেশ দাস। FSLৰ ৰিপ’ৰ্টত পোহৰলৈ আহিছিল এই বিস্ফোৰক তথ্য।
Discussion about this post