পুনৰ গ্ৰেপ্তাৰ (Arrest) হ’ল মডেল ৰাজকন্যা বৰুৱা (Rajkanya Baruah)। ৰুক্মিণীগাঁৱত ৮ জনকৈ শ্ৰমিকক বাহনেৰে মহটিয়াই আহত কৰিছিল ৰাজকন্যাই। আজি প্ৰায় এঘণ্টা স্বাস্থ্য পৰীক্ষা কৰে মেডিকেল বোৰ্ডে। মেডিকেল বোৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা।
মডেল ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ প্ৰকৃত অৱস্থা জানিবলৈ গঠন কৰা হৈছিল ৬ জনীয়া মেডিকেল বোৰ্ড। মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজি আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে। ইফালে GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাক কোনো অসুস্থতা নথকা স্বত্তেও চিকিৎসালয়ৰ আইচিইউত ৰাখি ৰক্ষণাবেক্ষণ দিয়া ঘটনাৰ বাবে গ্ৰেপ্তাৰ হ’ব পাৰে GNRCৰ শীৰ্ষ চিকিৎসকো।
উল্লেখ্য যে, নিজকে মডেল বুলি দাবী কৰা ৰাজকন্যাই এই ভয়াৱহ দুর্ঘটনাটো সংঘটিত কৰিও অনুশোচনা কৰা নাই। ইয়াৰ পৰিৱর্তে ছচিয়েল মিডিয়াত তেওঁৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা বুলিহে দাবী কৰাৰ লগতে শ্রমিকসকলৰহে দোষ আছিল বুলি মন্তব্য কৰিছে ৷
শুকুৰবাৰে ৰাজকন্যা বৰুৱাই সুৰামত্ত অৱস্থাত গাড়ী চলাই নিশা ২ বজাত কৰিছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত ৰাস্তাত কাম কৰি থকা ৯ জন শ্ৰমিকক মহটিয়াই নিছিল ৰাজকন্যা বৰুৱাই। আহত আটাই কেইজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান ৮জন শ্ৰমিকক হাস্পতালৰ পৰা ৰিলিজ কৰি দিয়া হৈছে যদিও এজন শ্ৰমিকৰ অৱস্থা যথেষ্ট সংকটজনক। দুৰ্ঘটনাটোত যোচেফ নামৰ শ্ৰমিকজনৰ এখন ভৰি ছিঙি গৈছিল কিন্তু চিকিৎসকে আনখন ভৰিও কাটিবলৈ বাধ্য হৈছিল।
Photo: Khatang Khobor
Discussion about this post