নৃশংসতা! এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বোকাখাতৰ (Bokakhat) নাহৰজান চাহ বাগিচাৰ ৩ নং লাইনত। বাগিচাৰ কামলৈ লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাত স্বামীয়ে পথৰ ওপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক (A Man Allegedly Tried To Burn His Wife With Petrol) ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ ৷
স্বামী মধু নায়কে কামলৈ বুলি ওলাই অহা পত্নী মেঘা নায়কক পথৰ ওপৰতে কৰিলে অগ্নিসংযোগ। প্ৰায় ৬০ শতাংশ অগ্নিদগ্ধ হয় পত্নী মেঘা নায়ক। শৰীৰৰ আধা অংশ জ্বলি যোৱা মেঘাক স্থানীয় লোকৰ সহযোগত বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মধু কৰ্মকাৰক JMCHলৈ প্ৰেৰণ কৰে ৷
ইফালে, একাংশ ক্ষুব্ধ স্থানীয় লোকে এই ঘটনাৰ পিছতে উত্তম–মধ্যম সোধায় স্বামী মেঘাৰাম নায়কক ৷ বোকাখাত আৰক্ষী (Bokakhat Police) ঘটনাস্থলীত উপস্থিত হৈ মেঘাৰাম নায়কক বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱায় ৷
Photo & Input: Khatang Khobor




























Discussion about this post