লখিমপুৰৰ (Lakhimpur) গোপালপুৰত পুনৰ সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ড (Rape Case)। এই ঘটনা সংঘটিত হৈছে লখিমপুৰ (Lakhimpur) জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ অন্তৰ্গত দলহাটৰ গোপালপুৰত।
আজিৰ পৰা ৪দিন আগত অৰ্থাৎ মঙলবাৰে সন্ধিয়া ৪টা মান বজাত ঘৰত কোনো নথকাৰ সুযোগ লৈ একেখন গাঁৱৰে গোপাল কলিতা নামৰ ৬০ বছৰীয়া পাষণ্ডই এগৰাকী ৮বছৰীয়া কণমানিক ১০ টকাৰ প্ৰলোভন দি ধৰ্ষণ কৰাৰ চেষ্টা চলাই।
কণমানিটিক লম্পট কলিতাই দেহৰ বিভিন্ন অংগত হাত দিয়াৰ ওপৰিও অপকৰ্ম কৰাৰ প্ৰচেষ্টা চলাই থকাৰ অৱস্থাত কণমানি জনীয়ে চিঞৰ বাখৰ লগোৱাত আইতাকে গম পাই সোধাত লম্পট কলিতাই পলায়ন কৰে।
এই ঘটনাৰ সন্দৰ্ভত আজি দলহাট আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰাৰ পিছতেই দলহাট আৰক্ষীয়ে লম্পট কলিতাক গ্ৰেপ্তাৰ (Arrest) কৰি সোধা-পোছা অব্যাহত ৰাখে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post