গুৱাহাটীত (Guwahati) পুনৰ ৰহস্যজনকভাবে যুৱকৰ মৃতদেহ উদ্ধাৰ (Youth Deadbody Recover)। এইবাৰ হেঙেৰাবাৰীৰ (Hengrabari) সাৰথি পথত উদ্ধাৰ হ’ল এজন যুৱকৰ মৃতদেহ। নিজৰ শোৱনি কোঠাৰ ভিতৰত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ দীপাংকৰ শইকীয়া (Dipankar Saikia) নামৰ এজন ২৮ বছৰীয়া যুৱকৰ মৃতদেহ।
মৃত যুৱকজনৰ ঘৰ লখিমপুৰত (Lakhimpur)। কৰ্মসূত্ৰে দীৰ্ঘদিনৰে পৰা গুৱাহাটী মহানগৰীত বাস কৰি আছিল যুৱকজন। টনাৰ বিষয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
প্ৰাথমিক তদন্তত আত্মহত্যাৰ (Suicide Case) ঘটনা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। তথাপি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ VLCC পাৰ্লাৰত কৰ্মৰত আছিল দীপাংকৰ।
Photo & Input: Ramesh Baishya
Published By: Dulu Medhi
Discussion about this post