ৰাজ্যত উদ্বেগজনকভাবে বৃদ্ধি পাইছে আত্মহত্যাৰ (Suicide Case) ঘটনা ৷ এইবাৰ মুকালমুৱাৰ (Mukalmua) এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে বাচি লৈছে এই চৰম পন্থা ৷ চিপ লৈ আত্মহত্যা (Suicide) কৰিছে মুকালমুৱাৰ বনপুৰাৰ এগৰাকী ১৫ বছৰীয়া স্কুলীয়া ছাত্ৰীয়ে (15 Years Old Girl Commited Suicide)৷
কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ ছাত্ৰী আছিল মামনি পাৰবিন। নিজ গৃহত শুকুৰবাৰে পুৱা চিপ লৈ আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় কিশোৰীগৰাকীয়ে৷
পিতৃ-মাতৃ ঘৰত নথকাত ছাত্ৰীগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে৷ আত্মহত্যাৰ পূৰ্বে লিখি থৈ গৈছিল এখন ছুইচাইড নোট (Suicide Note)। ‘কাকো কোনোৱে ভাল পাব নালাগে, ভাল পোৱাৰ কষ্ট মই বুজি পাইছো’- ছুইচাইড নোটত এই কথা লিখি আত্মহত্যাৰ দৰে চৰম পথ বাচি লয় ছাত্ৰীগৰাকীয়ে। দৌলাশাল আৰক্ষীয়ে উদ্ধাৰ কৰিছে ছুইচাইড নোটখন ৷
আৰু পঢ়কঃ https://khatangkhobor.com/news/24-years-old-boy-commited-suicide-in-guwahati/10784/
ছুইচাইড নোটখন দেখি প্ৰেমজনিত কাৰণতে ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰে বুলি ধাৰণা কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি দৌলাশাল আৰক্ষীয়ে (Daulasal Police) ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ৷
বৃহস্পতিবাৰেও গুৱাহাটী (Guwahati) মহানগৰীৰ গোপীনাথ নগৰত পংকজা নন্দ চৌধুৰী নামৰ এজন ২৪ বছৰীয়া যুৱকে চিপ লৈ আত্মহত্যা কৰিছিল।
Photo & Input: ৰানা চৌধুৰী
Published By: Dulu Medhi
Discussion about this post