ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে মীৰাটৰ মাৰ্চেণ্ট নেভিৰ বিষয়া সৌৰভ ৰাজপুতৰ হত্যাকাণ্ডৰ। সৌৰভৰ পত্নী মুস্কানে কিমান নিৰ্দয়ভাৱে স্বামীক হত্যা কৰিছিল সেয়া স্পষ্ট হৈ পৰিছে। কিন্তু এইবাৰ পোহৰলৈ অহা তথ্যই মুস্কান আৰু তেওঁৰ প্ৰেমিক শ্বাহিল শুক্লাৰ বিকৃত মানসিকতাক আৰু অধিক স্পষ্ট কৰি তুলিছে।
ইতিমধ্যে তথ্য পোহৰলৈ আহিছে যে মুস্কান আৰু শ্বাহিলে সৌৰভক হত্যা কৰাৰ পাছত তেওঁৰ মৃতদেহটো কাটি টুকুৰা-টুকুৰ কৰি ড্ৰামত ভৰাই চিমেণ্টেৰে ছীল কৰি দিছিল। ‘হিন্দুস্তান টাইমছ’ত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে ৩ মাৰ্চৰ নিশা মুস্কানে প্ৰথমে সৌৰভৰ মাকে ৰন্ধা কোফটাত টোপনিৰ বড়ি মিহলাই দিছিল।
সৌৰভ সেই খাদ্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগে লগে মুস্কানে ডায়েল কৰে শ্বাহিলৰ নাম্বাৰ। শ্বাহিল শুক্লাই মুস্কান আৰু সৌৰভৰ ভাৰাঘৰত উপস্থিত হোৱাৰ পাছত দুয়োজনে সৌৰভ শুই থকা অৱস্থাতে আক্ৰমণ কৰে। অসহায় সৌৰভৰ সেই আক্ৰমণ প্ৰতিহত কৰাৰ সামান্যতমো ক্ষমতা নাছিল সেইসময়ত।
প্ৰতিবেদনত দাবী কৰা হৈছে যে মুস্কান আৰু শ্বাহিলে প্ৰথমে সৌৰভক দাৰে ঘপিয়াই মৃত্যু নিশ্চিত কৰিছিল। ইয়াৰ পাছত শ্বাহিলে সৌৰভৰ মৃতদেহটো বাথৰুমলৈ লৈ গৈ ডিঙিটো কাটি শৰীৰৰ পৰা পৃথক কৰে। সৌৰভৰ হাতৰ মণিবন্ধও কাটি দিয়ে মুস্কান আৰু শ্বাহিলে।
ইয়াৰ পাছত শ্বাহিল আৰু মুস্কানে সৌৰভৰ মূৰবিহীন শৰীৰটো ঘৰৰ বক্স বেডখনৰ ভিতৰত থৈ দিলে। তেওঁলোকৰ পৰিকল্পনা আছিল পাছদিনা মৃতদেহটো সৰু সৰুকৈ কাটি প্লাষ্টিকৰ বেগত ভৰাই নিৰ্জন ঠাইত পেলাই দিয়া। আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি দাবী কৰা হৈছে যে মুস্কানে সৌৰভৰ মৃতদেহটো বক্স বেডৰ ভিতৰত থৈ তাৰ ওপৰত নিশা কাগজ এখন পাৰি শুইছিল। আৰু শ্বাহিলে সৌৰভৰ কটা মূৰটো আৰু দুখন হাতৰ তলুৱা এটা বেগত লৈ ঘৰলৈ গৈছিল।
পিছদিনা কটা মূৰ আৰু হাতৰ তলুৱা লৈ সৌৰভ মুস্কানৰ ওচৰলৈ উভতি আহিছিল। ইয়াৰ পাছত তেওঁলোকে নিজৰ পৰিকল্পনা সলনি কৰে। প্লাষ্টিকৰ বেগত ভৰাই মৃতদেহটো পেলাই দিয়াৰ পৰিকল্পনা সলনি কৰি এটা ডাঙৰ নীলা ড্ৰাম কিনিলে। মাংস কটা যন্ত্ৰ আৰু চিমেণ্টো ক্ৰয় কৰিছিল দুয়ো। ইয়াৰ পাছত মুস্কান আৰু শ্বাহিলে সৌৰভক চাৰিটুকুৰাকৈ কাটি কটা মূৰ আৰু কটা হাতৰ তলুৱাৰে সৈতে ড্ৰামটো চিমেণ্টেৰে ছীল কৰি দিয়ে। সেই ড্ৰামটো মুস্কান আৰু সৌৰভৰ ভাড়াঘৰত ৰাখিছিল দুয়ো।
পৰিকল্পনা অনুসৰি সকলো ঠিক কৰি লোৱাৰ পাছত শ্বাহিল আৰু মুস্কানে এখন গাড়ী ভাড়া কৰি হিমাচল প্ৰদেশৰ মানালী, শিমলা, কাছোললৈ গ’ল। তাৰ পৰা উভতি অহাৰ পাছত কেইদিনমান পূৰ্বে ঘৰত থৈ যোৱা নীলা ড্ৰামটো আঁতৰাই পেলোৱাৰ পৰিকল্পনা কৰে। তাতেই বিপদ নিহিত হৈ আছিল দুয়োৰে।
ড্ৰামটো লৰচৰ কৰিবলৈ নিয়োগ কৰা শ্ৰমিকসকলে ড্ৰামটো বহুত ওজনৰ বাবে সন্দেহ প্ৰকাশ কৰে। প্ৰথমে মুস্কানে দাবী কৰিছিল যে ড্ৰামটোত ঘৰৰ আৱৰ্জনা আছে। কিন্তু তেওঁলোকে ড্ৰামটো টানি নি থাকোঁতে ড্ৰামটোৰ ঢাকনিখন ভূলক্ৰমে খোল খাই যায়। আৰু তাৰ কিছুসময় পাছতেই পোহৰলৈ আহে এই নৃশংস হত্যাকাণ্ডৰ সমস্ত কাহিনী…!
Discussion about this post