তামিলনাডুৰ থেনি জিলাৰ পেৰিয়ায়াকুলামত সংঘটিত হৈছে এই জঘন্য ঘটনা। এই ঘটনাত অঞ্চলটোৰ স্থানীয় ৰাইজ উত্তেজিত মন্দিৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই তথ্য লাভ কৰাৰ পাছতে আৰক্ষী সেই স্থানত উপস্থিত হয়। পুৰোহিতজনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি মন্দিৰৰ বাহিৰত সেইসময়ত একাংশ শিশুয়ে খেলা-ধূলা কৰি আছিল । তেতিয়া মন্দিৰৰ ৭০ বছৰীয়া পুৰোহিতজনে আহি প্ৰসাদ মিঠাই দিব বুলি প্ৰলোভিত কৰি তেওঁলোকক ভিতৰলৈ মাতি নিয়ে । ইয়াৰ পিছত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও অভিযোগ কৰা হৈছে যে এইটো প্ৰথমবাৰৰ বাবে নহয়, ইয়াৰ পূৰ্বেও পুৰোহিতজনে এনে কাম কৰিছে। যেতিয়া ছোৱালীজনীয়ে ঘৰত সমগ্ৰ ঘটনাৰ খবৰ দিয়ে তেতিয়া ছোৱালীজনীৰ পৰিয়াল আৰু অন্যান্য আত্মীয়ই মন্দিৰ এলেকাত সমবেত হয়। খবৰটো ওলোৱাৰ লগে লগে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হ’ল। স্থানীয় লোকেও মন্দিৰ চৌহদত সমবেত হয়। ভয়ত মন্দিৰৰ গেটত তলা লগাই ভিতৰত আত্মগোপন কৰি আছিল অভিযুক্তই। পৰিস্থিতি উত্তপ্ত হৈ পৰাত স্থানীয় আৰক্ষীয়ে আহি গ্ৰেপ্তাৰ কৰে পাষণ্ড পুৰোহিতক।
Discussion about this post