ওম দেৱী কলাৰাত্ৰে নমহ ।
বিল্ববোধনৰ পিছতে শুকুৰবাৰে পৰাম্পৰাগত ৰীতি নীতিৰে বেদীত প্ৰতিষ্ঠা হ’ল দেৱী মা দুৰ্গা । আজি মহা সপ্তমী পূজা ।
কালৰাত্ৰি ৰূপত পূজিত হ’ব দেবী দশভুজা । বৈদিক ৰীতি নীতিৰে দেৱী দুৰ্গাৰ নৱপ্ত্ৰিকা প্ৰৱেশ, স্থাপন আৰু সপ্তমাদি কল্পাৰম্ভ আৰম্ভ হ’ব ।
দেৱী কালৰাত্ৰিৰ ৰূপটো অতি দুৰ্ধৰ্ষ, ভয়ানক আৰু শৰীৰৰ বৰণ ক’লা। কালৰাত্ৰি দেৱীয়ে শত্ৰুৰ ওপৰত ভয় তথা ত্ৰাসৰ সৃষ্টি কৰে, সেইবাবে তেওঁক কালৰাত্ৰি বুলি কোৱা হয়। ৰক্তবীজৰ বধৰ সময়ত দেৱী দুৰ্গাই কালৰাত্ৰিৰ ৰূপ লৈছিল বুলি বিশ্বাস আছে। দেৱী কালৰাত্ৰিৰ বাহন হৈছে গাধ, খোলা চুলি, হাতত খঞ্জৰ আৰু ভৰাজ পিন্ধে। ডিঙিৰ চাৰিওফালে থকা মালাডাল বজ্ৰপাতৰ দৰে জিলিকি থাকে। বিশ্বাস অনুসৰি কালৰাত্ৰীক উপাসনা কৰিলে ভয় দূৰ হয়, তেওঁ সকলোকে সংকটৰ পৰা সুৰক্ষা দিয়ে ।
কালৰাত্ৰী দেৱীয়ে ৰঙা ৰং ভাল পায়। সেয়েহে, তেওঁৰ উপাসনাত ৰঙা গোলাপ বা ৰঙা জবা ফুল আগবঢ়োৱা হয়। অৱশ্যে, তেওঁক শেৱালী ফুল আগবঢ়োৱাটো শুভ বুলি বিশ্বাস কৰা হয়। লগতে ভক্তসকলে দেৱী কালৰাত্ৰিক গুড় আগবঢ়োৱা উচিত। ই দেৱী কালৰাত্ৰীক সন্তুষ্ট কৰে।
পঞ্জিকাৰ নিয়ম অনুসৰি শুক্ৰবাৰে পুৱা ৬ বাজি ৫৩ মিনিট ২০ ছেকেণ্ডৰ পাছত আৰু ৯ বাজি ১২ মিনিট ৪২ ছেকেণ্ডৰ ভিতৰত দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ,স্থাপন আৰু সপ্তমী বিহিত পূজা আৰম্ভ হ’ব । নিশা ১০ বাজি ৪৫ মিনিট ৩৮ ছেকেণ্ড যোৱাৰ পৰা১১ বাজি ৩৩ মিনিট ৩৮ ছেকেণ্ডৰ বিতৰত দেৱীৰ অৰ্ধৰাত্ৰ বিহিত পূজা আৰম্ভ হ’ব ।
এইবাৰো মা কামাখ্যাত শাৰদীয় দুর্গ পূজাৰ আৰম্ভণিৰ পৰাই দেৱীলৈ বুলি আগবঢ়াই অহা হৈছে ছাগলী, পাৰ, কুঁহিয়াৰ, কচু আৰু কোমোৰাৰ পঞ্চবলি। সেয়ে নিয়ম অনুসৰিয়েই আজি মহাসপ্তমীৰ দিনটোত কামাখ্যা ধামত পঞ্চবলিৰ লগতে আগবঢ়োৱা হ’ব ম’হ বলি।
আজি কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ ফালৰ পৰা এটা ম’হ বলি দিয়াৰ লগতে অন্যান্য ভক্তই প্রায় ৫ টা ম’হ বলি আগবঢ়াব বুলি জনা গৈছে। তদুপৰি সম্পন্ন হ’ব কুমাৰী পূজা।
নলবাৰী জিলাৰ বেলশৰৰ ঐতিহ্যমণ্ডিত বিলেশ্বৰ দেৱালয়তো আজি মহাসপ্তমী উপলক্ষে দেৱীলৈ আগবঢ়োৱা হ’ব হাঁহ, পাৰ, ছাগলী, কোমোৰা আদিৰ বলি। গুৱাহাটী মহানগৰীৰ উগ্ৰতাৰা দেৱালয়তো আজি সপ্তমী উপলক্ষে আগবঢ়োৱা হ’ব পঞ্চবলি।
ৰাজ্যৰ আন কিছুমান দেৱীপীঠ, শক্তিপীঠতো মহাসপ্তমী উপলক্ষে বলিদানৰ আয়োজন কৰা হৈছে।
Discussion about this post