অৱশেষত শিৱসাগৰ আৰক্ষীৰ (Sivasagar Police) জালত পৰিল উজনিৰ চোৰাং গৰু ছিণ্ডিকেট (Cow Syndicate)ৰ মাষ্টাৰ মাইণ্ড (Mastermind) ছত্ৰধৰ গগৈ। দেওবাৰে সন্ধিয়া চোৰাং গৰু সৰবৰাহৰ অন্যতম মাষ্টাৰ মাইণ্ড সহ মুঠ ৪টা গৰু চোৰক (Cow Thief) গ্ৰেপ্তাৰ (Arrest) কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।
অভিযুক্ত ছত্ৰধৰ গগৈ বিজেপি (BJP)ৰ থাওৰা পানীদিহিং অ’বিচি মৰ্চাৰ (BJP OBC Morcha) সম্পাদক। উজনি অসমৰ পৰা কণ্টেইনাৰ যোগেদি গৰুৰ চোৰাং ব্যৱসায়ৰ নেতৃত্ব দিছিল ছত্ৰধৰ গগৈয়ে।
শিৱসাগৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোছনৰ নিৰ্দেশত গ্ৰেপ্তাৰ কৰে গো-মাফিয়াটোক। বিগত বিধান সভাৰ উপ-নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি বিজেপি দলত যোগ দিছিল ছত্ৰধৰ গগৈয়ে। শিৱসাগৰৰ ৰাজমাই, দিচাংমুখৰ লগতে ডিব্ৰুগড় ,লক্ষীমপুৰৰ গৰু ছিণ্ডিকেটৰ মূল নায়ক আছিল ছত্ৰধৰ গগৈ।
শিৱসাগৰ আৰক্ষী অধীক্ষক (Sivasagar SP) ৰাকেশ ৰোছনৰ নিৰ্দেশত ছত্ৰধৰ গগৈৰ লগতে গ্ৰেপ্তাৰ কৰে থাঁওৰা দৌল, ডিমৌৰ দাদুল আলী, ডিমৌৰ কলীয়া আলী আৰু ডিমৌৰ জাবাদ আলীক ।
Photo & Input: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/house-was-gutted-in-a-fire-but-not-burn-quran/6193/
Discussion about this post