ৰূপজ্যোতি শইকীয়া গগৈ – পেলনীয়া পলিথিনৰ পুনৰ ব্যৱহাৰেৰে পলিথিনৰ প্ৰদূষণ ৰোধ কৰা প্ৰচেষ্টা কাজিৰঙাৰ এগৰাকী উদ্যমী মহিলাৰ ৷ মহিলা সৱলীকৰণত বিশেষ ভূমিকা গ্ৰহন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা কাজিৰঙাৰ বচাগাঁৱৰ ৰূপজ্যোতি শইকীয়া গগৈ নামৰ উদ্যমী মহিলা গৰাকীৰ উদ্যোগত কাজিৰঙাত আৰম্ভ হৈছে পেলনীয়া পলিথিনৰে সামগ্ৰী নিৰ্মাণৰ এক আকৰ্ষণীয় প্ৰক্ৰিয়া ৷
য’ত পেলনীয়া পলিথিনে সূতাৰ লগত স্থান পাইছে তাঁতশালত ৷ এটা সময়ত মহিলাৰ হাতত শোভা পোৱা ওল গুঠা শলা,কুৰ্চালৈ বচা গাঁৱৰ একাংশ মহিলাই নিৰ্মাণ কৰি গৈছে পেলনীয়া পলিথিনৰ পৰা ঘৰ শুৱনি আটক ধুনীয়া সামগ্ৰী তৈয়াৰ কৰাৰ লগতে একাংশ মহিলাই উপাৰ্জনৰ পথো বিচাৰি পাইছে।
আনহাতে ওৱান মিলিয়ন অমেন নামৰ আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা পেজত প্ৰকাশ পোৱা ৰূপজ্যোতিৰ এক লিখাৰ যোগেদি প্ৰশংসা বুতলিবলৈ সক্ষম হৈছে ৰূপজ্যোতি শইকীয়া গগৈ ৷ মুম্বাইত বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ সুবিধা পোৱা মহিলা গৰাকীয়ে চুবুৰীয়া ৰাজ্য অৰুণাচলতো কাম কৰাৰ সুবিধা লাভ কৰিছে ৷


























Discussion about this post