পুনৰ এটা শক্তিশালী ভূমিকম্পই জোকাৰি গৈছে ইণ্ডোনেছিয়া। সোমবাৰে নিশা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পটো সংঘটিত হয়। ফলত দেশখনত চুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
অৱশ্যে, ভূমিকম্পৰ ফলত ক্ষয়ক্ষতিৰ পৰিমাণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। কিন্তু ভূমিকম্পৰ প্ৰাবল্য তীব্ৰ হোৱালৈ চাই বৃহৎ ক্ষতি আৰু প্ৰাণহানিৰ আশংকা কৰা হৈছে।
স্থানীয় সংবাদ মাধ্যমৰ মতে, ইণ্ডোনেছিয়াৰ তানিম্বাৰ অঞ্চলত ভূমিকম্প অনুভৱ কৰা হৈছিল। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৭.৭। ভূমিকম্পৰ কেন্দ্ৰস্থল ভূগৰ্ভৰ ৯৭ কিলোমিটাৰ গভীৰতাত আছিল।
Discussion about this post