মহা শিৱৰাত্ৰি প্ৰতি বছৰে ফাল্গুন কৃষ্ণ পক্ষৰ চতুৰ্দশী দিৱসত উদযাপন কৰা হয়। হিন্দু বিশ্বাস অনুসৰি ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ এই দিনটোতে হৈছিল।
নিশিত কালত মহাশিৱৰাত্ৰি পূজা কৰা হয়।
ভগৱান শিৱৰ পূজা কৰোতে আমি শিৱ লিংগত গখীৰ, জল, বেলপাট আদিৰ ওপৰি ফুলও নিশ্চয় অৰ্পণ কৰো।
মান্যতা আছে যে শিৱলিংগত সকলো ধৰনৰ ফুল আগ বঢ়োৱা নহয়, বিশেষকৈ ৰঙা ৰঙৰ ফুল শিৱ লিংগত কেতিয়াও দিব নেপায় বুলি কয়।
আজি আপোনালোকক এনে ৬ বিধ ফুলৰ নাম কম যিবোৰ ফুল মহদেৱৰ খোবেই প্ৰিয়।
১) শিৱ পূজাত নীলা পদুম ব্যৱহাৰ কৰা হয়। বগা বা গুলপীয়া পদুম ব্যৱহাৰ কৰা নহয়। নীলা পদুম সহজতে পোৱা নাযায়। ই এক দুষ্প্রাপ্য ফুল। অসমত বিশেষভাৱে পোৱা নাযায়। কিন্তু বাকী ৰংৰ পদুম ফুল শিৱৰ পূজাত ব্যৱহাৰ কৰা নহয়। মহাদেৱে এটা সময়ত বিষ পান কৰিছিল। যাৰ বাবে মহাদেৱৰ কন্ঠ নীলা। সেইবাবে ভগৱান শিৱক নীলকণ্ঠ বোলা হয়। সেয়হে মহাদেৱৰ পূজাত বিশেষভাৱে নীলা পদুম ব্যৱহাৰ কৰা হয়।
২) শিৱ পূজাত ব্যৱহাৰ কৰা হয় কৰৱীফুল। কৰৱীফুল বিভিন্ন ৰংৰ থাকে। বগা ৰংৰ কৰৱীফুলহে শিৱ পূজাত ব্যৱহাৰ কৰা হয় বা শিৱ লিংগত দিয়া হয়। ৰঙা বা হালধীয়া ৰংৰ ফুল শিৱ পূজাত দিয়া নহয়।
৩) শিৱ পূজাত বগা ৰংৰ চম্পা ফুল, বিশেষ ভাৱে শিৱ পূজাত বা শিৱ লিংগত দিয়া ফুল।
৪) কেতেকী ফুল । অত্যন্ত সুগন্ধি কেতেকী ফুল মা পাৰ্ৱতীৰ প্ৰিয় ফুল। আৰু সেইবাবে মহাদেৱৰ পূজাত কেতেকী ফুল ব্যৱহাৰ কৰা হয়।
৫) নীলা অপৰাজিতাৰ ফুল । লতাজাতীয় এই ফুল প্ৰায় সকলোৰে ঘৰতে থাকে। এই নীলা ৰংৰ অপৰাজিতা ফুলক শিৱ পূজা বা শিৱ লিংগত দিয়া হয়।
৬) ধতুৰা ফুল । এই ফুল মহাদেৱৰ অতিকে প্ৰিয় ফুল। ধতুৰা গছ ঘৰত থাকিলে আগমন ঘটে সৌভাগ্যৰ। ধতুৰা ফুল দুই ধৰণৰ পোৱা যায়। এবিধ হৈছে বেঙুনীয়া সামান্য নীলা ধৰণৰ আৰু আনবিধ বগা। দুয়োবিধকে মহাদেৱৰ পূজাত বা শিৱ লিংগত দিয়া হয়। বগাবিধ বেছি ভাল। যদি বগা পোৱা নাযায় তেতিয়া বেঙুনীয়া ধতুৰা ফুলকে মহাদেৱৰ পূজাত ব্যৱহাৰ কৰা হয়।
ইয়াৰ উপৰিও আপুনি যি কোনো বগা ফুল শিৱ পূজাত ব্যৱহাৰ কৰিব পাৰে বা শিৱ লিংগত দিব পাৰে।
শিৱৰ অতি প্ৰিয় ধতুৰা ফুল! লগতে ইয়াৰ কিছুমান এনে গুণ আছে যিয়ে আমাৰ দেহৰ ৰােগ নিৰাময় কৰাত সহায় কৰে৷ জানো আহক ইয়াৰ কিছু গুণাগুণ
★শৰীৰৰ কোনাে অংশ বিষত ফুলি উঠিলে ধতুৰা গছৰ শিপা খুন্দি তাত অলপ ক’লা নিমখ মিহলাই সেই লেপন দুই-তিনি ঘন্টা দি ৰাখিলে আৰাম পােৱা যায়।
★ ধতুৰাৰ পাত খুন্দি তাৰ ৰস চুলিত লগাই দুই-তিনি ঘন্টা ৰাখি পাছত পানীৰে ধুই দিলে চুলি সৰা সমস্যা নােহােৱা হয়।
★ ধতুৰাৰ পাত খুন্দি ইয়াৰ লেপন টকৌয়ে খােৱা অংশত লগাই চাৰি-পাঁচ ঘন্টা ৰাখিলে এই সমস্যা নােহােৱা হয়।
★ ধতুৰাৰ পাত আৰু কোমল গুটি পিচি তাতে অলপ নাৰিকল তেল মিহলাই এই লেপন বেচু হােৱা অংশত লগাই তিনি-চাৰি ঘন্টা ৰাখি ধুই দিলে এই সমস্যা নােহােৱা হয়। এইদৰে আপােনালােকে ইয়াৰ ব্যৱহাৰ কৰক আৰু সুফল লাভ কৰক।
ঔঁ নমঃ শিৱাই


























Discussion about this post