বিদেশী চিনাক্তকৰণৰ নামত ভেঁকোভাওনাত পৰিণত হোৱা অসমৰ হেজাৰ কোটিটকীয়া ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ শেহতীয়াকৈ অব্যাহত থকা নানান বিতৰ্কৰ মাজতে NRC ৰ প্রাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰণ।
আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই প্রতীক হাজেলাৰ পৰা NRC কেলেংকাৰীৰ ভাগ হিচাপে মাহত ১৬ লাখ টকাকৈ লৈছিল |
অৱশ্যে প্ৰতিক্ৰিয়া হিচাপে ভট্টাচার্য দেবশৰ্মাৰ বিৰুদ্ধেহে বিশেষভাবে সৰব হয়৷ ভট্টাচার্যই কয়, ” এই অভিযোগ গোকাট মিছা কথা , হিতেশ দেৱশৰ্মা এজন মিছলীয়া। একমাত্র সস্তীয়া প্ৰচাৰৰ বাবে তেখেতে এনে প্রলাপ বকিছে | মানসিক ভাৰসাম্য ঠিক থকা মানুহে এনে কাণ্ডজ্ঞানহীন কথা নকয় ৷ তেখেতে মানসিক চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।”
ড: ভট্টাচার্যই লগতে দাবী কৰে যে হিতেশ দেৱশৰ্মাই অসত্য কথা কৈছে৷ তেনে কথা কোৱা বাবেই অধিৱক্তাৰ পৰামৰ্শ লৈ শৰ্মাৰ বিৰুদ্ধে মানহানি গোচৰ তৰা হব বুলিও ভট্টাচাৰ্যই সদৰী কৰে৷
মনকৰিবলগীয়া যে,ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ( NRC) প্ৰস্তুতৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগৰ মাজতে ভাৰতৰ মহগাণনিকৰ প্ৰতিবেদনতো এই তথ্য পোহৰলৈ আহিছে ৷
এনে প্ৰেক্ষাপটত আছু আৰু সমুজ্জ্বল ভট্টাচার্যৰ বিৰুদ্ধে NRC ৰ প্ৰাক্তন সমন্বয়ক জনে অনা অভিযোগ সন্দৰ্ভত আছুৱে আগন্তুক দিনত কি পদক্ষেপ লয় সেইয়া হ’ব লক্ষণীয় ৷
Discussion about this post