প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত বিশ্বৰ দীৰ্ঘতম নদী ক্রুজ সেৱাৰ শুভাৰম্ভ কৰিব।
কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰীসোণোৱালে কয় যে এই নদী ক্রুজখন হৈছে প্ৰধানমন্ত্ৰীৰ এক্ট ইষ্ট নীতিৰ উৎকৃষ্ট উদাহৰণ। আৰু জনায় যে এম ভি গংগা বিলাসৰ প্ৰথমটো যাত্ৰাত ৩৬ গৰাকী ছুইচ নাগৰিকে যাত্ৰা কৰিব। এই যাত্ৰাৰ বাবে একোগৰাকী যাত্ৰীয়ে প্ৰতিদিনে ৩০০ আমেৰিকান ডলাৰ ব্যয় কৰিব লাগিব।
এই ক্রুজখনে বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ ২৮ টা নদী প্ৰণালীৰ মাজেৰে সুদীৰ্ঘ ৩ হাজাৰ ২০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব।
Discussion about this post