সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তান।
পেহেলগামত সন্থাসবাদীৰ নৰহংহাৰৰ পিচত পোহৰলৈ আহিছে পাকিস্তানৰ কিছুমান ভয়ংকৰ অভিসন্ধিৰ তথ্য। কেন্দ্ৰীয় চোৰাংচোৱাই দিয়া তথ্য় অনুসৰি পাকিস্তানে জেহাদী প্ৰেৰণৰ বাবে এইবাৰ সুৰংগৰ আশ্ৰয় লৈছে। এই সুৰংগৰ জৰিয়তে কাশ্মীৰলৈ সন্থাসবাদী প্ৰেৰণ কৰি আহিছে পাকিস্তানে। আনকি পেহেলগামত নৰহংহাৰৰ চলোৱাৰ পিচত ৩-৪ জনীয়া সন্থাসবাদীৰ দল বতাহত মিলি যোৱাৰ আৰতো এই সুৰংগ পথ বুলি সন্দেহ কৰা হৈছে। জন্মু- কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ কাষে কাষে এনেদৰে সুৰংগ নিৰ্মাণ কৰি পাকিস্তানে ভাৰতলৈ জেহাদী প্ৰেৰণ কৰিছে। ইয়াকে লৈ LOC ত নিৰাপত্তাৰ দায়িত্বত থকা সেনা আৰু বি এছ এফৰ জোৱানকো চিন্তিত কৰি তুলিছে। সুৰংগৰ জৰিয়তে অতি সহজতে কাশ্মীৰ উপত্যকাত প্ৰৱেশ কৰি প্ৰকৃতিৰ এই ভূস্বৰ্গক অশান্ত কৰি তুলিছে পাকিস্তানে। পাকিস্তানৰ ৰাৱালপিণ্ডিত থকা সেনাৰ মুখ্য কাৰ্যালয়ে এই দীৰ্ঘ দূৰত্বৰ সুৰংগসমূহ নিৰ্মাণ কৰি ভাৰতীয় সেনাক বাৰুকৈয়ে বিবুধিত পেলাইছে। LOC ত থকা ভালেমান এনে সুৰংগ পথেৰে জেহাদীৰ সৰু সৰু গোট কাশ্মীৰলৈ প্ৰৱেশ কৰাই আছে বুলি চোৰাংচোৱাৰ প্ৰতিবেদনখনত প্ৰকাশ পাইছে। উল্লেখ যে ২০২০ চনত LOC ৰ কাষতে এনেধৰণৰ কেইটামান সুৰংগ আৱিস্কাৰ কৰিছিল নিৰাপত্তা বাহিনীয়ে। তাৰ ভিতৰত এটাৰ দৈৰ্ঘ্য ৫০০ মিটাৰ আৰু উচ্চতা ৩০ মিটাৰ আছিল। ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পলুৱামাত জইছ-ই-মহম্মদে চলোৱা আত্মঘাতী আক্ৰমণত জড়িত জেহাদী ২০১৮ চনৰ এপ্ৰিলত ছাম্বা ছেক্টৰৰ সুৰংগ পথেৰে ভাৰতত প্ৰৱেশ কৰিছিল।
Discussion about this post