বজাৰত আৰ্ৱিভাব হৈছে আন এখন ইলেক্ট্ৰিক গাড়ী। টাটা মটৰছে বজাৰত মুকলি কৰিছে এই ইলেক্ট্ৰিক গাড়ীখন। এই গাড়ীখনৰ নাম টাটা কাৰ্ভ ইভি।
দেশৰ ইলেক্ট্ৰিক গাড়ীৰ বজাৰত টাটাৰ আধিপত্য বাঢ়ি আহিছে। এই বজাৰখন অধিক শক্তিশালী কৰিবলৈ টাটাই মুকলি কৰিলে এই উন্নত চাৰিচকীয়া বাহনখন।
কেৱল ভাল ৰেঞ্জেই নহয়, গাড়ীখনৰ আছে আধুনিক ডিজাইন আৰু বিভিন্ন বৈশিষ্ট্য । ছানৰুফৰ পৰা আৰম্ভ কৰি ডাঙৰ টাচস্ক্ৰীণলৈকে বিবিধ সুবিধা প্ৰদান কৰিছে টাটাই। সুৰক্ষাৰ ফালৰ পৰাও টাটাই গাড়ীখনক প্ৰদান কৰিছে অনন্য মাত্ৰা।
কোম্পানীটোৱে টাটা কাৰ্ভ গাড়ীৰ একাধিক ভেৰিয়েন্ট মুকলি কৰিছে। বেচ মডেলত আছে ৪৫ কিলোৱাট বেটাৰী, এই গাড়ীখন বেটাৰী সম্পূৰ্ণ চাৰ্জ কৰিলে ৫০০ কিলোমিটাৰ ৰেঞ্জ দিব পাৰে।
শীৰ্ষ মডেলত আছে ৫৫ কিলোৱাট বেটাৰী, যাৰ বেটাৰী সম্পূৰ্ণ চাৰ্জ কৰিলে অনায়াসে ৫৮৫ কিলোমিটাৰ দূৰত্ব আতিক্ৰম কৰিব পাৰে। উল্লেখ্য যে আজিলৈকে টাটা মটৰ্ছে নিৰ্মাণ কৰা এইখনেই আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰেঞ্জ দিয়া বৈদ্যুতিক বাহন।
কোম্পানীটোৱে দাবী কৰিছে যে কাৰ্ভ ইভিত আল্ট্ৰা ফাষ্ট চাৰ্জিংও আছে। ডিচি চাৰ্জিং প্ৰযুক্তিৰ সহায়ত মাত্ৰ ১৫ মিনিটৰ প্লাগ-ইন কৰিলে গাড়ীখনে ১৫০ কিলোমিটাৰ ৰেঞ্জ লাভ কৰিব।
উল্লেখ্য যে টাটা পাঞ্চ ইভি আৰু নেক্সন ইভিয়ে নিৰাপত্তা পৰীক্ষাত ৫ ষ্টাৰ ৰেটিং লাভ কৰিছে।
এই বাহনখনত আছে এল ই ডি টেইল লাইট। ভিতৰত আছে ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আৰু টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম। লগতে আছে পেনোৰামিক ছানৰুফ, বেতাঁৰ চাৰ্জিং, এডজাষ্টেবল ড্ৰাইভাৰ চিট, ইলেক্ট্ৰনিক পাৰ্কিং ব্ৰেক ইত্যাদি।
সুৰক্ষাৰ বাবে গাড়ীখনত আছে ৬টা এয়াৰবেগ, লেভেল ২ এডভান্সড ড্ৰাইভাৰ এচিষ্টেণ্ট চিষ্টেম, ডিস্ক ব্ৰেক, অটো-হল্ড, আৰু জৰুৰীকালীন ব্ৰেকিং।
টাটা মটৰছৰ এই ইলেক্ট্ৰিক গাড়ীখনৰ দাম এক্স-শ্ব’ৰুমত ১৭.৪৯ ৰ পৰা ২১.৯৯ লাখ টকা।
কাৰ্ভ ইভি ক্ৰিয়েটিভ – ১৭.৪৯ লাখ
কাৰ্ভ ইভি একাম্পলিচড – ১৮.৪৯ লাখ
কাৰ্ভ ইভি একাম্পলিছ + এছ – ১৯.২৯ লাখ
কাৰ্ভ ইভি ৫৫ একাম্পলিচড – ১৯.২৫ লাখ
কাৰ্ভ ইভি ৫৫ একাম্পলিচড + এছ – ১৯.৯৯ লাখ
কাৰ্ভ ইভি ৫৫ শক্তিশালী + – ২১.২৫ লাখ
উল্লেখ কৰাৰ প্ৰয়োজন, ইলেক্ট্ৰিকৰ উপৰিও পেট্ৰ’ল মডেলত উপলব্ধ হ’ব টাটা কাৰ্ভ। ২০২৪ চনৰ ছেপ্টেম্বৰৰ ভিতৰত টাটা কাৰ্ভ ইভি মুকলি কৰা হ’ব বজাৰত ।
২০২৫ চনত মুকলি হ’ব পাৰে নতুন টাটা হেৰিয়াৰ ইভি সংস্কৰণ।
বজাৰত টাটা কাৰ্ভ ইভিয়ে জেড এছ ইভি, টাটা নেক্সন ইভি আৰু পাঞ্চ ইভিৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব।
Discussion about this post