কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত চীনে ডিপছিক-আৰ ৱান (DeepSeek R1) এপৰ জৰিয়তে নতুনকৈ যি চাঞ্চল্যৰ সৃষ্টি কৰিছে, তাৰ আঁৰত আছে এগৰাকী বিস্ময়কৰ প্ৰতিভাৰ যুৱতী। ২৯ বছৰীয়া লুঅ’ ফুলি (Luo Fuli, 29) নামৰ এই যুৱতীগৰাকী কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত এগৰাকী আগশাৰীৰ বিশেষজ্ঞ হিচাপে পৰিচিত। বৰ্তমান ফুলি (Fuli) নামৰ এইগৰাকী বিশেষজ্ঞৰ প্ৰচেষ্টাতে ডিপছিক (DeepSeek ) এপটোৱে বিশ্বৰ প্ৰযুক্তি জগতত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। আনতি গুগলৰ জেমিনি আৰু মাইক্ৰছপটৰ ছাট জিপিটিয়ে (ChatGPT) কৃত্ৰিম বুদ্ধিমত্তাৰ জগতখনত যিদৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল, তালৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে চীনৰ এই বিশেষ এপটোৱে। কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বিশ্বক চমকিত কৰা কৃত্ৰিম বুদ্ধিমত্তা বিশেষজ্ঞ লুঅ’ ফুলি (Luo Fuli) ৰ বাবে ইতিমধ্যে আমেৰিকাৰ ষ্টক বজাৰতো ডিপছিকে (DeepSeek ) খহনীয়াৰ সৃষ্টি কৰিছে। বেইজিং নৰ্মাল বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞান বিষয়ত উত্তীৰ্ণ লুঅ’ ফুলি (Luo Fuli) পৰৱৰ্তী সময়ত পেকিং বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞানত চমকপ্ৰদ সফলতা লাভ কৰি ৮ খনকৈ গৱেষণাপত্ৰ প্ৰকাশ কৰে। ২০১৯ চনত লুঅ’ ফুলি (Luo Fuli) ৰ এই সফলতাৰ ওপৰত দৃষ্টি নিবদ্ধ হয় আলিবাবা আৰু ছাওমিৰ (Alibaba and Xiaomi) দৰে প্ৰযুক্তি প্ৰতিষ্ঠানৰ। ২০২২ চনত ডিপছিকত (DeepSeek ) যোগদান কৰে ফুলিয়ে। ডিপছিক-ভি২ (DeepSeek-V2) উন্নত কৰি ফুলিয়ে ছাট জিপিটিক (ChatGPT) প্ৰত্যাহ্বান জনাবলৈ সক্ষম হয়। ডিপছিকৰ (DeepSeek )জৰিয়তে সফলতা লাভ কৰা সুবাদতে লুঅ’ ফুলি (Luo Fuli) ক ছাওমিৰ (Xiaomi) প্ৰতিষ্ঠাতা লেই জুনে (Lei Jun) বছৰি ভাৰকীয় মূল্যত ১১ কোটি ৯৩ লাখ টকা দৰমহা প্ৰদানৰ কথা ঘোষণা কৰে।
Discussion about this post