উইলিয়ামছ-উইলমোৰক পৃথিৱীলৈ ঘূৰাই আনিবলৈ স্পেচএক্সক অনুৰোধ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ..
বিগত প্ৰায় ৮ মাহে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত (ISS) আবদ্ধ হৈ থকা নাছাৰ মহাকাশচাৰী ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ (Sunita Williams) আৰু বাট্ ছ উইলমোৰক (Butch Wilmore) পূথিৱীলৈ ঘূৰাই আনিবলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিশ্বৰ ধনী ব্যক্তি ইলন মাস্কৰ (Elon Musk) স্পেচএক্স (SpaceX) কোম্পানীক অনুৰোধ জনাইছে। ২০২৪ চনৰ ৫ জুন তাৰিখে বয়িং ষ্টাৰলাইনাৰ (Boeing’s Starliner) মহাকাশ যানেৰে দুয়ো দহদিনীয়া কাৰ্যসূচীৰে মহাকাশ কেন্দ্ৰটোলৈ গৈছিল যদিও কাৰিকৰী বিজুতিৰ বাবে দীৰ্ঘকাল তাতেই আবদ্ধ হৈ থাকিবলগীয়া হৈছে। কালি ৰাষ্ট্ৰপতি ট্ৰাম্পে মহাকাশচাৰী দুগৰাকীক পৰিত্যাগ কৰা বুলি পূৰ্বৰ বাইডেন চৰকাৰক সমালোচনা কৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই কথা ইলন মাস্কে (Elon Musk) এক্স হেণ্ডলযোগে সদৰী কৰিছে। মাস্কে মহাকাশচাৰী দুজনক অতি সোনকালে পূথিৱীলৈ ঘূৰাই অনা হ’ব বুলি ঘোষণা কৰে।
Discussion about this post