Pahalgam Aftermath …
পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চোৰাংচোৱা সংস্থাই আৰু অধিক সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনাৰ সতৰ্কবাণী দিছে। যাৰবাবে সমগ্ৰ কাশ্মীৰৰ ৮৭টা পৰ্যটনস্থলীৰ ভিতৰত ৪৮টা পৰ্যটনস্থলী আৰু ৰিজৰ্ট সাময়িকভাৱে বন্ধ কৰি দিছে জম্মু-কাশ্মীৰ চৰকাৰে।
পৰ্যটকৰ বাবে ন’ গ’ এৰিয়া ঘোষণা কৰা গন্তব্যস্থানসমূহৰ ভিতৰত আছে কিছুমান বিখ্যাত প্ৰকৃতিৰ মনোমোহা স্থান, ৰিজ’ৰ্ট আৰু ডাউনটাউন শ্ৰীনগৰৰ (ঝেলুম নদীৰ পাৰত অৱস্থিত) কিছুমান জনপ্ৰিয় খাদ্যৰ দোকান।
শেহতীয়াকৈ ২২ এপ্ৰিল তাৰিখে পৰ্যটকৰ ওপৰত সংঘটিত উগ্ৰপন্থী আক্ৰমণৰ বিশ্বাসযোগ্য উৎস আৰু চোৰাংচোৱা সংস্থাসমূহৰ পৰা পোৱা নিৰ্ভৰযোগ্য তথ্যই প্ৰকাশ কৰে যে, উগ্ৰপন্থী সংগঠনসমূহে আগন্তুক দিনত নিৰাপত্তা বাহিনী আৰু পৰ্যটকক লক্ষ্য কৰি সক্ৰিয়ভাৱে আক্ৰমণৰ পৰিকল্পনা কৰিছে। পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISI বিশেষকৈ শ্ৰীনগৰ আৰু গাণ্ডাৰবল জিলাত অস্থানীয় ব্যক্তি, CID কৰ্মী আৰু কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণৰ পৰিকল্পনা কৰিছে।
সূত্ৰ অনুসৰি, নিৰন্তৰ চোৰাংচোৱাৰ প্ৰতিবেদনে ইংগিত দিয়ে যে, সমগ্ৰ উত্তৰ, মধ্য আৰু দক্ষিণ কাশ্মীৰত সক্ৰিয় সন্ত্ৰাসবাদীয়ে পেহেলগাম আক্ৰমণৰ পিছত উপত্যকাটোত সন্ত্ৰাসবাদীৰ ঘৰ ধ্বংস কৰাৰ প্ৰতিশোধৰ বাবে অধিক ভয়ানক আক্ৰমণৰ লগতে লক্ষ্য নিৰ্ধাৰণ কৰি হত্যাযজ্ঞৰ পৰিকল্পনা কৰিছে।
নিৰাপত্তা বাহিনীয়ে মূলতঃ জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটৰ পৰা গুলমাৰ্গ, সোণামাৰ্গ, আৰু দাল হ্ৰদ অঞ্চলকে ধৰি স্পৰ্শকাতৰ পৰ্যটনস্থলীলৈ ফিডাইন বিৰোধী স্কোয়াড মোতায়েন কৰিছে। সামগ্ৰিকভাৱে নিৰাপত্তা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰা হৈছে কাশ্মীৰত।
Discussion about this post