President Murmu invites Chhattisgarh’s Baiga Tribe for 76th Republic Day celebrations..
এইবাৰৰ মহাৰজত জয়ন্তীত প্ৰৱেশ কৰা গণতন্ত্ৰ দিৱসক পূৰ্বতকৈ ব্যতিক্ৰম কৰিবলৈ চেষ্টা। সেই মতেই এইবাৰ গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি ভৱনে দেশৰ পৰা এনে কিছু নিৰ্বাচিত ব্যক্তিক আমন্ত্ৰণ জনাইছে যাৰ আঁৰত একো একোটা কাহিনী লোকাই আছে। তেনে এক কাহিনীৰে সাক্ষী হবৰ বাবেই ছত্তীশগড়ৰ কবীৰধাম জিলাৰ (Kabirdham district) পাণ্ডৰীয়া উন্নয়ন খণ্ডৰ তিনিটা বৈগা (Baiga) পৰিয়ালে অহা ২৬ জানুৱাৰীত দিল্লীত গণৰাজ্য দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ (President Droupadi Murmu) পৰা বিশেষ আমন্ত্ৰণ লাভ কৰে। বৈগা জনগোষ্ঠী এই তিনিটা বিশেষ পৰিয়ালয়ে প্ৰথমবাৰৰ বাবে দিল্লীলৈ যাত্ৰা কৰি ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ আৰু ভোজন কৰাৰ উপৰিও তেওঁলোকে প্ৰধানমন্ত্ৰীৰ বাসগৃহ, সংসদ ভৱন আৰু ৰাষ্ট্ৰপতিৰ ঘৰ পৰিদৰ্শন কৰিব।
Discussion about this post