দিল্লীত কংগ্ৰেছৰ বৈঠক; পুনৰ গঠন হ’ব নেকি অসম বিৰোধী ঐক্য মঞ্চ ! – APCC LEADERS MEET IN DELHI
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ অসমৰ কংগ্ৰেছ সাংসদৰ লগতে কেইবাগৰাকীও নেতাক দিল্লীলৈ তলৱ কৰাৰ খবৰে একপ্ৰকাৰ তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনৈতিক মহলত ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ লগতে অসম কংগ্ৰেছৰ আটাইকেইটা ভাতৃ সংগঠনৰ সভাপতি-সম্পাদককো এক জৰুৰী বৈঠকৰ বাবে দিল্লীলৈ তলৱ কৰাৰ পাছৰে পৰাই বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰা সন্দৰ্ভত আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা ।
অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰদেশ কংগ্ৰেছৰ দায়িত্বৰ পৰা আঁতৰাই সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিব বুলি ওলোৱা খবৰে ব্যাপক চৰ্চা লাভ কৰিছে ৰাজনৈতিক মহলত ।
কিন্তু প্ৰকৃততে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰাক লৈয়ে দিল্লীত কংগ্ৰেছ হাইকমাণ্ডে বৈঠক আহ্বান কৰিছে নে আন কিবা বিষয় আলোচনাৰ বাবে বৈঠক আহ্বান কৰিছে, সেই বিষয়ে এই পৰ্যন্ত কোনো তথ্য আনুষ্ঠানিকভাৱে সদৰী কৰা নাই কংগ্ৰেছ মহলে ।
বিশেষকৈ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাজিত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ সাংঠনিক ভেঁটি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনাই অধিক বুলি কংগ্ৰেছৰ সূত্ৰটোৱে জানিবলৈ দিয়ে ।
Discussion about this post