ৰাজকুমাৰ ৰাও, বৰ্তমান সময়ৰ এজন খুবেই জনপ্ৰিয় তথা সফল অভিনেতা।ভিন্ন ছবিত ভিন্ন চৰিত্ৰত দুৰ্দান্ত অভিনয় কৰি খুব কম সময়তে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হয় এইজন অভিনেতাই। বৰ্তমান সময়ৰ ধন-সম্পত্তি-খ্যাতি তেওঁৰ সকলো আছে। কিন্তু এটা সময় আছিল, যেতিয়া তেওঁ আৰ্থিক ভাৱে একেবাৰেই দুৰ্বল আছিল।
এক সাক্ষাৎকাৰত অভিনেতাজনে তেওঁৰ জীৱনৰ বেয়া দিনৰ কথা মুকলিকৈ প্ৰকাশ কৰি আৱেগিক হৈ পৰে। তেওঁ কয়, ‘জীৱনত বহু বেয়া দিন দেখিছো। মোৰ প্ৰথম উপাৰ্জন আছিল ৩০০ টকা। এই ৩০০ টকাৰে মই এবটল ঘিউ কিনিছিলো। সেই সময়ত ঘিউ কিনি ৰুটীৰ সৈতে খাবলৈ পোৱাতোয়েই মোৰ তথা ঘৰখনৰ বাবে বিলাসিতা আছিল।’
হাইস্কুলৰ দিনবোৰৰ কথা মনত পেলাই অভিনেতাজনে কয়, ‘হাইস্কুলত পঢ়ি থাকোতেই মই জীৱনৰ প্ৰথম উপাৰ্জন কৰিছিলো। তেতিয়া মই এগৰাকী সাত বছৰীয়া ছোৱালীক নৃত্য শিকাবলৈ প্ৰতিদিনেই তাইৰ ঘৰলৈ গৈছিলো। যাৰ বাবদ মই মাহেকত ৩০০ টকা লাভ কৰিছিলো। আজিও মোৰ মনত আছে যে সেই ৩০০ টকাত ছয়টা ৫০ টকীয়া নোট আছিল। তাতেই কিমান সুখী হৈছিলো মই আজি বুজাব নোৱাৰিম।’
উল্লেখ্য যে, দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ৰাজকুমাৰ ৰাওয়ে ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰে। ২০১০ চনৰ পৰা ৩০খনতকৈও অধিক ছবিত অভিনয় কৰা অভিনেতাজনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, চাৰিটা ফিল্মফেয়াৰ বঁটা আৰু এছিয়া পেচিফিক পৰ্দা বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে। ২০১৭ চনত তেওঁ ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকাত স্থান লাভ কৰিছিল। ২০১০ চনত ৰাজকুমাৰ ৰাওয়ে ‘লাভ চেক্স ঔৰ ধোখা’ ৰ নামৰ চলচিত্ৰৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছিল।
Discussion about this post