নীতা আম্বানী, নামেই পৰিচয়। ভাৰতৰ বাবে কঢ়িয়াই আনিছে আন এক গৌৰৱ এইগৰাকী উদ্যোগী মহিলাই। ব্যৱসায়ৰ সমান্তৰালকৈ ক্ৰীড়া ক্ষেত্ৰৰ সৈতেও জড়িত নীতা আম্বানী পেৰিছ অলিম্পিকৰ পূৰ্বে পুনৰ এবাৰ ইণ্টাৰনেচনেল অলিম্পিক কমিটী (IOC)ৰ সদস্য হিচাপে নিৰ্বাচিত হৈছে।
নীতা আম্বানী ইণ্টাৰনেচনেল অলিম্পিক কমিটীৰ সদস্য হিচাপে ১০০ শতাংশ ভোটত সৰ্বসন্মতিক্ৰমে জয়ী হৈছে। মন কৰিবলগীয়া যে, নীতা আম্বানীয়ে ৰিলায়েঞ্চ ফাউণ্ডেচনৰ জৰিয়তে সমগ্ৰ দেশত অলিম্পিক ক্ৰীড়াৰ প্ৰচাৰ, প্ৰসাৰ আৰু বিকাশত গুৰুত্ব আৰোপ কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ৰিলায়েঞ্চ ফাউণ্ডেচনৰ অধীনত স্থাপন কৰিছে অত্যাধুনিক সুবিধা সম্পন্ন ক্ৰীড়া প্ৰকল্প। য’ত নিৰ্বাচিত খেলুৱৈয়ে বিনামূলীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি দেশৰ হৈ বিশ্ব মঞ্চত উন্নত প্ৰদৰ্শনেৰে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।
পেৰিছ অলিম্পিকৰ পূৰ্বে পেৰিছত অনুষ্ঠিত হোৱা ১৪২ সংখ্যক IOC অবিধেশনত ১০০ শতাংশ ভোট লাভ কৰি পুনৰ এবাৰ নিৰ্বাচিত হোৱা নীতা আম্বানীয়ে প্ৰথমবাৰৰ ২০১৬ ত ৰিঅ’ ডি জেনেৰিঅ’ ত অনুষ্ঠিত হোৱা অলিম্পিকৰ সময়ত ইণ্টাৰনেচনল অলিম্পিক কমিটীৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
তাৰ পাছৰে পৰা অলিম্পিকৰ মঞ্চত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ ২০২৮ ত অনুষ্ঠিত হ’বলগীয়া অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ নেপথ্যত আছে নীতা আম্বানী।
যোৱা ২০২৩ বৰ্ষত মুম্বাইত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল অলিম্পিক কমিটীৰ বৈঠকো নীতা আম্বানীৰ পৃষ্ঠপোষকতাতে অনুষ্ঠিত হৈছিল। আনকি এইগৰাকী ক্ৰীড়া সংগঠকে অলিম্পিকৰ মঞ্চত ভাৰতত অলিম্পিক অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো বক্তব্য ৰাখিছে।
সেই অনুসৰিয়েই ভাৰত চৰকাৰেও ইতিমধ্যে ভাৰতত অলিম্পিক অনুষ্ঠিত কৰিব পৰাকৈ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব দিয়া বুলি সংসদতো উল্লেখ কৰিছে।
পেৰিছত তেওঁ পুনৰ এবাৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীলৈ নিৰ্বাচিত হোৱাত তেওঁ কয়, আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সদস্য হিচাপে আকৌ এবাৰ নিৰ্বাচিত হ’বলৈ পোৱাত মই গৌৰৱাম্বিত। পুনৰ এবাৰ এই কমিটীলৈ নিৰ্বাচিত হোৱাটো মোৰ ব্যক্তিগত মাইলষ্টন নহয়। বিশ্বমঞ্চত ভাৰতৰ যে প্ৰভাৱ বৃদ্ধি পাইছে তাৰ এটা প্ৰমাণ। সেয়ে মই এই গৌৰৱৰ মুহূৰ্ত সকলো ভাৰতবাসীৰ সৈতে ভাগ কৰিবলৈ বিচাৰিছোঁ। ভাৰতে অলিম্পিক জাগৰণৰ বাবে যি কাম আৰম্ভ কৰিছে তাক আৰু অধিক আগুৱাই নিবলৈ মই চেষ্টা কৰিম।
উল্লেখ্য যে, ইণ্টাৰনেচনেল অলিম্পিক কমিটীলৈ নিৰ্বাচিত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা নীতা আম্বানী। ২০১৬ ৰ পৰা তেওঁ ধাৰাবাহিকভাৱে নিৰ্বাচিত হৈ আহিছে।
Discussion about this post