Double blow for Saif Ali Khan: Pataudi heir risks losing Rs 15,000 Crore ancestral property in Bhopal …
দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা অভিনেতা ছঈফ আলী খানৰ কোনো মতে প্ৰাণ ৰক্ষা পৰিলেও ছঈফ আলী খানৰ উত্তৰাধিকাৰী সূত্ৰে পোৱা ১৫ হাজাৰ কোটি টকাৰ বিশাল সম্পত্তি চৰকাৰৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছে । কিয়নো মধ্যপ্ৰদেশৰ চৰকাৰে এই পেলেচ নিজৰ অধীনলৈ আনিবলৈ তৎপৰ হৈছে শত্ৰুৰ সম্পত্তি আইন, ১৯৬৮ ৰ (Enemy Property Act, 1968) জৰিয়তে।
উল্লেখ্য যে, মধ্যপ্ৰদেশৰ ভূপালত থকা এই সম্পত্তি মনচুৰ আলী খান (Mansoor Ali Khan Pataudi, also known as “Tiger Pataudi,”) ৰ মাতৃৰ জ্যেষ্ঠ ভগ্নী আবিদা চুলতানাই উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিছিল।পিছে তেওঁ দেশ বিভাজনৰ সময়তে পাকিস্তানলৈ যায়। তাতেই তেওঁ স্থায়ী ভাৱে বাস কৰিবলৈ লয়। ১৯৬০ চনত ভূপালৰ নবাব হামিদুল্লাহ খানৰ মৃত্যুৰ পাছত এই সম্পত্তি জ্যেষ্ঠ কন্যা আবিদা চুলতানক উত্তাৰাধিকাৰ হিচাপে গণ্য কৰা হৈছিল।
কিন্তু আবিদা খান ইতিমধ্যে পাকিস্তানলৈ গুছি যোৱাত ভাৰত চৰকাৰে হামিদুল্লাহ খানৰ দ্বিতীয় কন্যা ছাজিদা চুলতানক এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰ হিচাপে স্বীকৃতি দিয়ে। কিন্তু শত্ৰুৰ সম্পত্তি আইন, ১৯৬৮ ৰ (Enemy Property Act, 1968) আইন অনুসৰিয়েই দেশ বিভাজনৰ পিছত প্ৰবজন কৰা ব্যক্তিৰ সম্পত্তি চৰকাৰে দাবী কৰিব পৰা এক ব্যৱস্থা আছে ভাৰতত।
মধ্যপ্ৰদেশ চৰকাৰে এই আইনী ব্যৱস্থাৰ অধীনতে পাটাউডী পৰিয়ালৰ এই বিশাল সম্পত্তি এতিয়া নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ বিচাৰিছে। অভিনেতা নৱাব ছঈফ আলী খানে ২০১৫ চনতে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা পূৰ্ব পুৰুষৰ এই সম্পত্তিৰ ওপৰত দাবী জনাই মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ত আৱেদন দাখিল কৰিছিল।
কিন্তু ২০২৪ চনৰ ১৩ ডিচেম্বৰত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিবেক আগৰৱালাৰ একক বিচাৰপীঠে ছঈফৰ আৱেদন খাৰিজ কৰে। ইয়াৰ পিছত ছঈফ আলী খানে এই ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আপীল কৰিবলৈ এক সুযোগ লাভ কৰিছিল।
কিন্তু জানিব পৰা মতে তেওঁৰ পৰিয়ালে উচ্চ ন্যায়ালয়ত আপীল কৰাৰ পৰা বিৰত আছে। ইফালে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এনে আপীলৰ বাবে ৩০ দিনৰ সময় থাকে। ইতিমধ্যে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ ৩০ টা দিন উকলিছে।
এনে পৰিস্থিতিতে এতিয়া ভূপালৰ ১৫ হাজাৰ কোটি টকীয়া ছঈফৰ বিশাল সম্পত্তি এতিয়া চৰকাৰৰ হাতলৈ যোৱাৰ সম্ভাৱনা প্ৰৱল হৈ পৰিছে।
Discussion about this post