গুৱাহাটীৰ বাজপেয়ী ভৱনত মংগলবাৰে অনুষ্ঠিত বিজেপিৰ বিধায়িনী দলৰ সভাত দুৰ্গা পূজা কমিটিসমূহলৈ আৰ্থিক সহায় আগবঢ়োৱাৰ দৰে যিসকলে জীৱন্ত ৰাস পাতিব পৰম্পৰাগত ভাবে তেওঁলোককো ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।
লগতে আন ধৰ্মৰ লোকেও এনেধৰণে সহায়-সাহায্য বিচাৰিলে ৰাজ্য চৰকাৰে সহায় কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে ।
উল্লেখ্য যে, ৰাজ্যৰ ৬৯৫৩ খন দুৰ্গা পূজা সমিতিলৈ ৰাজ্য চৰকাৰে এইবছৰ ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব বুলি কেবিনেটযোগে সিদ্ধান্ত গ্ৰহণ কৰিছে ।
তদুপৰি, পূজাৰ সময়ত ড্ৰাই ডে’ ঘোষণা কৰা হ’ব নে নহয় সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মদৰ দোকান বন্ধ কৰি দিয়া নহয় । বন্ধ দিলে কি হ’ব । আজিয়ে মদ কিনি ষ্টক কৰিব । মদৰ চোৰাং বজাৰ আৰম্ভ হ’ব । চোৰাং মদৰ গুৰুত্ব বাঢ়িব ৷”
অৱশ্যে আলাপ-আলোচনাৰ মাজেৰে জনসাধাৰণে বিচাৰিলে ড্ৰাই ডে’’ ঘোষণা কৰা হ’ব বুলিও ইংগিত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
Discussion about this post