ৰাজনৈতিক নেতাৰ বক্তব্যই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমতো খলকনিৰ সৃষ্টি কৰি আহিছে ৷ এইবাৰ চৰ্চালৈ আহিছে দিল্লীৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ এক মন্তব্য ৷
দেশৰ ৰাজধানী নগৰীত আয়োজিত দশেৰাৰ এক অনুষ্ঠানত দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী আতিশী ৷ ইন্দ্ৰপ্ৰস্থ ৰামলীলা সমিতিয়ে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত হৈ আতিশীয়ে কাঁড় মাৰি ৰাৱণৰ পুত্তলিকা দাহ কৰে ৷ তাৰ পিচতেই উপস্থিত ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰে আতিশীয়ে ৷ কিন্তু ভাষণৰ মাজতেই আতিশীয়ে উল্লেখ কৰা এক বক্তব্যই সকলোকে আচৰিত কৰি তোলে ৷
দশেৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি আতিশীয়ে কয় যে ৰাৱণ দাহৰ এই পৰম্পৰাই আমাক সোঁৱৰাই দিয়ে যে অসত্য যিমানেই শক্তিশালী নহওক কিয় জয় সদায় শুদ্ধ পথত থকা জনৰে হয় ৷ ভগৱান ৰামচন্দ্ৰই আমাক শিকাই গৈছে যে সত্য আৰু মৰ্যাদাৰ পথৰ পৰা কেতিয়াও বিচলিত হ’ব নালাগে ৷ কেতিয়াও ভুল আৰু অসত্য পথেৰে চলিব নালাগে ৷ এইখিনিলৈকে সকলো ঠিকেই আছিল ৷ তাৰ পিচতেই আতিশীয়ে যি কথা ক’লে সেয়া শুনি ৰাইজেও ভাবিবলৈ ধৰিলে, মুখ্যমন্ত্ৰীয়ে কি ক’লে ?
ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী আতিশীয়ে কয়, ‘‘অসত্যৰ জয় হ’বই, অন্যায়ৰ জয় হোৱাটো নিশ্চিত’’ ৷ লগে লগেই সভাস্থলীত থকা লোকৰ মাজত গুঞ্জন উঠে প্ৰতিক্ৰিয়াৰ ৷ অৱশ্যে আতিশীয়ে জিভা পিচল খাই কথাষাৰ য়ে ভুলকৈ উপস্থাপন কৰিলেও বৰ্তমানলৈকে এই সন্দৰ্ভত তেওঁ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷
Discussion about this post