১৩ নৱেম্বৰত অসমৰ ৫ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ।
অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সৈতে দেশৰ ৪৮ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা । লগতে দুটা লোকসভা সমষ্টিৰ নিৰ্বাচনৰ দিনো ঘোষণা । নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মঙলবাৰে দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ লগতে উপ-নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰে । দুটা পৰ্যায়ত ১৩ আৰু ২০ নৱেম্বৰত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ।
অসমৰ উপ-নিৰ্বাচনৰ পাঁচটা বিধানসভাৰ সমষ্টি ক্ৰমে –
১১ নং ধলাই
৩১ নং চিদলী
৩২ নং বঙাইগাঁও
৭৭ নং বিহালী
৮৮ নং চামগুৰি
অধিসূচনা জাৰি : ১৮ অক্টোবৰ
মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম তাৰিখ : ২৫ অক্টোবৰ
মনোনয়ন পৰীক্ষা : ২৮ অক্টোবৰ
মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ : ৩০ অক্টোবৰ
ভোটগ্ৰহণ : ১৩ নৱেম্বৰ
ভোটগণনা : ২৩ নৱেম্বৰ
Discussion about this post