পশ্চিমবংগৰ বিজেপি নেতা সুভেন্দু অধিকাৰীৰ দাবী
“সবকা সাথ সবকা বিকাশ” বন্ধ কৰি ভংগ কৰক সংখ্যালঘু গোট
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা “সবকা সাথ সবকা বিকাশ” শ্ল’গানৰ এতিয়া কোনো প্ৰয়োজন নাই। এয়া বন্ধ কৰা উচিত। সংখ্যালঘুৰ সৈতে উন্নয়নৰ শ্ল’গানৰ দিয়া বিজেপিয়ে আনকি নিজৰ সংখ্যালঘু গোটটোও ভংগ কৰি দিয়া উচিত। এই দাবী পশ্চিমবংগৰ বিজেপি বিধায়ক তথা বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীৰ। তেওঁ কয় যে সংবিধান ৰক্ষা কৰিব লাগিলে হিন্দুক সুৰক্ষিত কৰিব লাগিব। অধিকাৰীৰ মতে “সবকা সাথ সবকা বিকাশ” পৰিবৰ্তে এতিয়া বিজেপিয়ে “জো হামাৰে সাথ হাম উনকে সাথ” নীতিহে গ্ৰহণ কৰিব লাগে। পশ্চিমবংগৰ নন্দীগ্ৰাম সমষ্টিৰ বিধায়কজনে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিৰ শোচনীয় প্ৰদৰ্শনৰ পিচত আয়োজিত দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত উপস্থিত থাকি এনেদৰে কয়।
Discussion about this post