অসম শক্তি বিভাগৰ গাফিলতি সন্দৰ্ভত নগাঁও জিলাৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ প্ৰতিক্ৰিয়া
বৰ্তমান অসমত চলি থকা বিদ্যুৎ সংকটৰ মাজতে ভাৰতবৰ্ষৰ সৰ্বোচ্চ বিত্তীয় পৰ্য্যালোচনা কৰ্তৃপক্ষ চিএজিৰ (CAG) য়ে শেহতীয়াকৈ এক প্ৰতিবেদন দাখিল কৰিছে । য’ত অসমৰ শক্তি বিভাগৰ গাফিলতি সম্পৰ্কে কিছু ভয়াবহ তথ্য পোহৰলৈ আহিছে । আৰু এই সন্দৰ্ভত সামাজিক মাধ্যমৰ যোগেদি নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কেইটামান বিষয় তেওঁ আঙুলিয়াই দিছে –
🔸 যাৱতীয় অনুমোদনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে অসমত প্ৰায় ৫ টা বিদ্যুৎ প্ৰকল্প পৰিত্যাগ বা স্থগিত ৰাখিব লগা হৈছিল।
🔸অসমৰ নতুন দুটা বিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাত প্ৰায় ৬ ৰ পৰা ৯ বছৰ পলম হৈছিল
🔸যদিও অসমৰ বিদ্যুত উৎপাদন বিভাগে ২০১৭ – ২০২২ বৰ্ষৰ পৰা নতুনকৈ ৩৭১.৬৬ মেগাৱাটৰ বিদ্যুতৰ পৰিমান সংযোগ কৰাৰ পৰিকল্পনা কৰিছিল, কিন্তু ১৮১.৬৬ মেগাৱাটহে কেৱল তেওঁলোকে সংযোগ কৰিবলৈ সক্ষম হৈছিল ( ই লক্ষ্যৰ আধাতকৈও কম আছিল)
🔸ঠিকাদাৰৰ গাফিলতিৰ বাবে ৰূপায়ণ হব লগা এক প্ৰকল্পৰ বাবে ৰাজ্যৰ পূজিঁৰ বিনিয়োগত অতিৰিক্ত সূতৰ বাবে প্ৰায় ২০০ কোটি টকা ব্যয় হৈছিল ।
তদুপৰি, ইয়াৰ লগতে এই তথ্যও পোহৰলৈ অহাৰ কথা তেওঁ উল্লেখ কৰিছে যে এপিজিচিএলয়ে কোনো টেণ্ডাৰ নিমন্ত্ৰণ নকৰাকৈয়ে বিভিন্ন বেংকত নিজাববীয়াকৈ বৃহৎ পৰিমাণৰ পূজিঁৰ বিনিয়োগ কৰিছিল। যাৰ ফলত সাম্ভাব্য সূত উপাৰ্জনত ২.৪৪ কোটি টকাৰ লোকচান হৈছিল।
এই বিফলতা আৰু বিত্তীয় লোকচানৰ বাবে তেওঁ চৰকাৰক দায়বদ্ধ কৰাটো গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে । যিহেতু শক্তি বিভাগৰ দুৰ্বল পৰিচালনাৰ কুফলৰ বোজা কৰদাতাসকলে বহন কৰিব লগা হৈ আহিছে ।
লগতে তেওঁ কয়, “এইটো স্পষ্ট যে বৰ্তমান আমি দেখি থকা বিদ্যুৎ সংকট অসম চৰকাৰৰ অব্যৱস্থা আৰু অদক্ষতাৰ ফল – আৰু ইয়াৰ বাবে সম্পূৰ্ণ ৰূপে চৰকাৰ দায়ী” ।
Discussion about this post