দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত বিপৰ্যয় । বন্ধ কৰিবলগীয়া হল একাংশ শিক্ষানুষ্ঠান, ঠায়ে ঠায়ে ব্যাহত ইলেক্টিছিটি, অনিল নগৰত নাৱেৰে এছ ডি আৰ এফৰ অভিযান।
প্ৰতিকূল বতৰৰ বাবেই বানৰ লগতে ভূমিস্খলনে দেখা দিছে মহানগৰীৰ কেইবাটাও অঞ্চলত। হেঙেৰাবাৰীৰ ২নং মিলন নগৰত সংঘটিত হৈছে এই ভূমিস্খলন।
ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা খহি পৰে প্রকাণ্ড শিল। শিল পৰি গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় ৩গৰাকীকৈ লোক। আঘাতপ্রাপ্ত দুজন পুৰুষ হোৱাৰ বিপৰীতে এগৰাকী মহিলা বুলি জানিব পৰা গৈছে।
তিনিওকে ইতিমধ্যেই সংকটজনক অৱস্থাত জি এম ছি এইছত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, শিলে এটা বাসগৃহ হেঁচি ধৰিছে। আনহাতে মহানগৰীৰ আন আন প্ৰান্ততো দেখা দিয়া ভূমিস্খলনে জনজীৱনলৈ ভয়াৱহতা কঢ়িয়াই আনিছে।
Discussion about this post