যদি বিদেশ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমেই টাইৱান ভ্ৰমণৰ কথা ভাবিৰ পাৰে । এই দেশলৈ ফুৰিব গ’লে লাভ কৰিব নগদ পুৰস্কাৰ।
কাৰণ, টাইৱান চৰকাৰে দেশখনৰ পৰ্যটন ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ বাবে নতুন পৰিকল্পনা কৰিছে। ফলস্বৰূপে, পৰ্যটকসকলে ব্যাপক লাভ পাব পাৰে। ই বিদেশ ভ্ৰমণৰ ব্যয়ও ৰাহি কৰিব পাৰে।
তথ্য অনুসৰি,টাইৱানৰ অৰ্থনীতিত পৰ্যটনৰ এক মুখ্য অৱদান আছে । তেওঁলোকৰ জিডিপিৰ ৪% পৰ্যটনৰ পৰা আহে। কৰ’না কালত, সেই উপাৰ্জনৰ আয় হ্ৰাস হয় ।
তেওঁলোকে এই পৰিস্থিতি শেষ কৰিবলৈ পৰ্যটন খণ্ডক ৮২ মিলিয়ন ডলাৰ আৱণ্টন কৰিছে। যাৰ মূল্য ভাৰতীয় ধনত প্ৰায় ৬৮০ কোটি টকা।
টাইৱান চৰকাৰে জনাইছে , নিদিষ্ট কিছু সংখ্যক পৰ্যটকক দিয়া হ’ব আৰ্থিক উপহাৰ । প্ৰতিজন পৰ্যটকক নগদ ১৬৪ ডলাৰ দিয়া হ’ব।
এই ধন বিভিন্ন ৰেহাই, লাকি ড্ৰ’ৰ জৰিয়তে পৰ্যটকসকলৰ ওচৰলৈ যাব। বিমানৰ টিকটৰ ওপৰতো ৰেহাই থাকিব পাৰে। এই সুযোগ ব্যৱহাৰ কৰি বিনামূলীয়া বিমানো লাভ কৰিব। কমেও পাঁচ লাখ পৰ্যটকে পাব এই সুযোগ ।
Discussion about this post