এশ বছৰৰ আগতে, ১৯১৩ চনৰ ২ ফেব্ৰুৱাৰীত গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেলৰ দুৱাৰ আনুষ্ঠানিকভাৱে জনসাধাৰণৰ বাবে মুকলি কৰা হয় গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল বিশ্বৰ সৰ্ববৃহৎ ৰে’ল ষ্টেচন। এই ষ্টেচনটো ১৯০১ চনৰ পৰা ১৯০৩ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। প্লেটফৰ্মৰ সংখ্যাৰ হিচাপত গ্ৰেণ্ড চেণ্ট্ৰেল টাৰ্মিনেল হৈছে নিউয়ৰ্ক চহৰৰ আটাইতকৈ ডাঙৰ ষ্টেচন, দুটা স্তৰত একেলগে ৪৪খন ৰে’ল ৰ’ব পাৰে।
এই আটাইতকৈ ডাঙৰ ৰে’ল ষ্টেচনটো নিৰ্মাণ কৰিবলৈ দুবছৰতকৈও অধিক সময় লাগিছিল। এই ষ্টেচনটো নিৰ্মাণৰ সময়ত দৈনিক ১০ হাজাৰ শ্ৰমিকে একেলগে কাম কৰিছিল বুলি জনা যায়।
আনহাতে হুব্বালি ৰেলৱে (Hubballi Junction) ষ্টেচন বিশ্বৰ আটাইতকৈ দীঘল ৰেল ষ্টেচন। শ্ৰী সিদ্ধাৰুধ স্বামীজী নামেৰেও জনাজাত – হুব্বল্লী জংচন দক্ষিণ পশ্চিম ৰেলৱেৰ অন্যতম জনপ্ৰিয় জংচন। ১,৫০৫ মিটাৰ দৈৰ্ঘ্যৰ হুব্বালি ষ্টেচনৰ ১ নং প্লেটফৰ্ম বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে প্লেটফৰ্ম।
Discussion about this post