গামোচা :
অসমীয়া শিপিনীসকলৰ বাবে সুখৰ বতৰা কঢ়িয়াই স্বাভিমানৰ প্ৰতীক অসমীয়া গামোচাই অৱশেষত লাভ কৰিলে ভৌগোলিক সূচক অর্থাৎ জিআই টেগ । এই সূচক তথা চিহ্ন লাভ কৰাৰ লগে লগে এতিয়াৰ পৰা অসমীয়া গামোচা একে নামেৰে বহিঃৰাজ্যত উৎপাদন কৰিব নোৱাৰিব আৰু বহিঃৰাজ্যৰ পৰা একে নামেৰে অহা হুবহু নকল গামোচা বিক্ৰী কৰাটো আইনমতে দণ্ডণীয় হ’ব।
কেন্দ্ৰীয় চৰকাৰৰ ভৌগোলিক পৰিচয় পঞ্জীয়ক কার্যালয়ে অসমীয়া গামোচালৈ এই স্বীকৃতি প্রদান কৰে। উল্লেখ্য যে অসমীয়া গামোচাৰ ভৌগোলিক সূচক বিচাৰি প্রথমে কৃষি বিশ্ববিদ্যালয়ে আবেদন কৰিছিল যদিও এই আবেদনত বিভিন্ন দিশ উপস্থাপন নোহোৱাত হস্ততাঁত বস্ত্ৰশিল্প বিভাগ আৰু অসম বিজ্ঞান-প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে যৌথভাবে আবেদন কৰিছিল।
ইয়াৰ পাছতে ভৌগোলিক পৰিচয় পঞ্জীয়কৰ কাৰ্যালয়ে আলোচনাৰ মাধ্যমেৰে হস্ততাঁত বিভাগক মূল আবেদনকাৰী হিচাপে ৰাখি কৃষি বিশ্ববিদ্যালয় আৰু অসম বিজ্ঞান-প্রযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদক সহায়ক সংগঠনৰূপে অন্তর্ভুক্ত কৰিছিল।
ইয়াৰ পাছতে পৰিৱেশ পৰিষদৰ হৈ নডেল বিষয়া ড° জয়দ্বীপ বৰুৱাৰ নেতৃত্বত বিজ্ঞানী ক্ৰমে দেৱাশিষ দত্ত, সিদ্ধাৰ্থ দেৱনাথ, দীপামণি বৈশ্য আৰু কৃষি বিশ্ববিদ্যালয়ৰ ড° গাৰ্গী শৰ্মাৰ নেতৃত্বত দলটোৱে গৱেষণাৰ কাম আৰম্ভ কৰিছিল।
এই দলটোৰ প্ৰচেষ্টাৰ ফলতে অসমৰ গামোচাই এই সুৰক্ষা কৱচ লাভ কৰিবলৈ সক্ষম হয়। অসমীয়া গামোচা বুলি ক’লে বিহুৱান, তিয়নি গামোচা, ফুলাম গামোচা, আনাকাটা গামোচাকে ধৰি মুঠ আঠ প্ৰকাৰৰ গামোচালৈ এই স্বীকৃতি প্রদান কৰা হৈছে।
Discussion about this post