মুম্বাইত অনুষ্ঠিত হোৱা হাই ডেচিবেল অনুষ্ঠানত Yes Moms ৰ আৰম্ভণি কৰিছিল বলীউডৰ অভিনেত্ৰী, এগৰাকী দায়িত্বশীল মাতৃ আৰু Slurrp Farm ৰ বিনিয়োগকাৰী অনুষ্কা শৰ্মাই। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১৫০ গৰাকীৰো অধিক মাতৃ উপস্থিত থাকে।
উল্লেখযোগ্য যে, ২০১৬ চনত প্ৰতিষ্ঠা হোৱা Slurrp Farm হৈছে দুগৰাকী মাতৃয়ে নিৰ্মাণ কৰা এটা ব্ৰেণ্ড যিয়ে সৰু ল’ৰা-ছোৱালী আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ বাবে স্বাস্থ্যসন্মত, জুতিলগা আৰু প্ৰাকৃতিক জলপান আৰু খাদ্যৰ বিকল্প প্ৰদান কৰাৰ লক্ষ্য ৰাখিছে। Slurrp Farm ৰ সকলো সামগ্ৰীতে ৰাগি আৰু জোৱাৰৰ দৰে ছুপাৰগ্ৰেইনৰ শক্তি ব্যৱহাৰ কৰা হয় আৰু ই জিৰ’ জাংক প্ৰমিজৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় – প্ৰডাক্টসমূহত কোনো ময়দা, ৰিফাইন চেনি, ট্ৰেন্স-ফেট, কলেষ্টেৰল বা কৃত্ৰিম ৰং বা সোৱাদ নাই।
বিশেষকৈ শিশুক খুওৱাৰ ক্ষেত্ৰত মাতৃসকলে নিজৰ ল’ৰা-ছোৱালীৰ কথা অহৰহ চিন্তা কৰি থাকে। কিন্তু এই যাত্ৰাক সহজ কৰি তোলা কথাটো হ’ল একে অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ যোৱা আনৰ সংলাপ আৰু সমৰ্থন। মাতৃৰ ভগ্নীত্ব তেওঁলোকৰ বাবে ভৰ দিব পৰা শক্তিৰ অন্যতম ডাঙৰ স্তম্ভ আৰু এই অন্তৰ্দৃষ্টিই হৈছে Yes Moms ৰ মূল চালিকা শক্তি।
গৱেষণাৰ পৰা দেখা গৈছে যে বাজৰাৰ দৰে নিউট্ৰিচিৰিয়ালে স্বাস্থ্য আৰু পুষ্টি উন্নত কৰাত বহুখিনি সহায় কৰে, বিশেষকৈ যদি কোনোবাই জীৱনৰ প্ৰথম বছৰবোৰত সেৱন কৰে। Slurrp Farm ব্ৰেণ্ড প্ৰস্তাৱৰ মূলতে হৈছে শিশুৰ প্লেটৰ কেন্দ্ৰলৈ বাজৰা লৈ যোৱা, যাতে ইয়াক সুস্থ আৰু সুখী ভৱিষ্যতৰ বাবে স্থাপন কৰাৰ প্ৰয়াস কৰা হয়।
Yes Moms লক্ষ্য হৈছে পুষ্টিকৰ ঘন ছুপাৰফুডৰ ব্যৱহাৰৰ জৰিয়তে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাই তেওঁৰ বাবে আৰু সন্তানৰ জীৱনত সক্ষমক হৈ মাতৃসকলৰ জীৱনত পৰিৱৰ্তন আনিব পৰা।
স্বাস্থ্যসন্মত আৰু প্ৰাকৃতিক খাদ্যৰ দীৰ্ঘদিনীয়া সমৰ্থক অনুষ্কা শৰ্মাই অনুষ্ঠানত উপস্থিত মাতৃসকলৰ সৈতে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ কয়, “মই এগৰাকী মা আৰু মোৰ ছোৱালীৰ খাদ্যৰ প্ৰতি সচেতন হোৱাটো মোৰ বাবে গুৰুত্বপূৰ্ণ। মই আৱিষ্কাৰ কৰিছো যে আটাইতকৈ উত্তম উপায় হ’ল নিজকে সঠিক মিত্ৰৰ সৈতে ঘেৰি ৰখা৷ মোৰ মিত্ৰসকল হৈছে আন মাতৃ যিয়ে একে অভিজ্ঞতাৰ মাজেৰে পাৰ হৈ গৈছে, নিজৰ সন্তানক সুখী আৰু সুস্থ কৰি ৰখাৰ নতুন নতুন উপায় সৃষ্টি কৰি চেষ্টা কৰি আছে। ‘Yes Moms’ হৈছে মোৰ দৰে মাতৃসকলক সংযোগ স্থাপন কৰিবলৈ আৰু চেষ্টা কৰা আৰু পৰীক্ষা কৰা টিপছ আৰু ট্ৰিক্সসমূহ শ্বেয়াৰ কৰিবলৈ সক্ষম কৰিবলৈ Slurrp Farm ৰ এক মাইলৰ খুঁটি পদক্ষেপ। তদুপৰি ই মাতৃসকলক ছুপাৰ গ্ৰেইন বাজৰাৰ উপকাৰিতাৰ বিষয়েও জ্ঞান দিব, যিটো শস্য মই ব্যক্তিগতভাৱে খাই ডাঙৰ হৈছো। মই জানো যে ই আমাৰ সামগ্ৰিক স্বাস্থ্য আৰু সুস্থতাত কিমান অপৰিসীম মূল্য যোগ কৰে। বিশেষকৈ যদি আমাৰ খাদ্য তালিকাত প্ৰথম বছৰবোৰৰ পৰাই অন্তৰ্ভুক্ত কৰা হয়। সমগ্ৰ ভাৰতৰ মাতৃসকলে Yes Moms ৰ জৰিয়তে এই আচৰিত শস্যসমূহৰ বিষয়ে অধিক আৱিষ্কাৰ কৰিবলৈ মই অপেক্ষা কৰি আছো”
Discussion about this post