সোমবাৰে টুইটাৰত শ্বেয়াৰ কৰি Filmmaker বিনোদ কাপ্ৰিয়ে এটা অবিশ্বাস্যভাৱে আকৰ্ষণীয় ভিডিঅ’ শ্বেয়াৰ কৰে। ৫০ ছেকেণ্ডৰ এই ভাইৰেল ক্লিপটোত এটা হৰিণ (এন্টিলপ) নদী পাৰ হোৱা দেখা গৈছে। তাৰ পিছফালে মনে মনে এটা ঘৰিয়াল ওলাই আহি খেদিবলৈ ধৰিলে।
ঘৰিয়ালটো অতি সোনকালেই হৰিণটোৰ ওচৰ পাইছিলহি আৰু প্ৰায় ধৰিছিল। অৱশ্যে হৰিণটোৱে অতি বেগেৰে গৈ শেষত জপিয়াই জপিয়াই সময়ত পলায়ন কৰিছিল।
এতিয়া ভাইৰেল হোৱা এই ভিডিঅ’টো টুইটাৰত উইজডম অৱ দ্য লায়ন নামৰ পেজত আছিল।
“এ TOP ক্লাছ ক্লাইমেক্স!” Filmmaker বিনোদ কাপ্ৰিয়ে এই পোষ্টটোৰ কেপচন দিছে।
Discussion about this post