উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা বাংলাদেশ হৈ অসমৰ ডিব্ৰুগড়লৈ বিশ্বৰ সৰ্বাধিক দীঘলীয়া River Cruise অহা ১০ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰাৰ কথা ।
গংগা নদীৰ বাৰাণসীৰ পৰা আৰম্ভ হোৱা এই Cruise ব্ৰহ্মপুত্ৰ নদীৰ ডিব্ৰুগড়ত শেষ হ’ব। যাত্ৰাৰ সময়ত বাংলাদেশৰ মাজেৰে পাৰ হ’ব এই River Cruise।
৫০ দিনৰ আটাইতকৈ দীঘলীয়া নদী যাত্ৰাত গংগা বিলাছ Cruise য়ে ২৭খন নদী ব্যৱস্থা সামৰি ল’ব আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰকে ধৰি ৫০টাতকৈও অধিক পৰ্যটন স্থান পৰিদৰ্শন কৰিব।
এইটোৱেই হ’ব একক বৃহৎ নদী যাত্ৰা যিটো এখন জাহাজে সামৰি ল’ব।
মুঠতে গংগা-ভাগীৰথী-হুগলী, ব্ৰহ্মপুত্ৰ, আৰু পশ্চিম উপকূল খালৰ মাজেৰে ৩২০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে।
Discussion about this post