পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী
১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে মাজুলী জিলাৰ চামগুৰি সত্ৰত হেমচন্দ্ৰ গোস্বামীৰ জন্ম হয়। হেমচন্দ্ৰ গোস্বামী (ইংৰাজী: Hemchandra Goswami) হৈছে অসমৰ এগৰাকী শিক্ষক, মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী। অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীয়ে বৰঙণি আগবঢ়াই আহিছে। ২০২৩বৰ্ষত ভাৰত চৰকাৰে গোস্বামীক কলা/আৰ্ট বিষয়ত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া
১৯৫৫ চনৰ ২১ আগষ্টত ডিব্ৰুগড় জিলাৰ মৰাণৰ অভয়াপুৰী গাঁৱত জন্মগ্ৰহণ কৰা হেমপ্ৰভা চুতীয়াই ১১ বছৰ বয়সৰ পৰা তাঁতবোৱা কাম আৰম্ভ কৰে। তেখেত এগৰাকী অসমীয়া বয়ন শিল্পী। তেওঁ প্ৰধানকৈ ধৰ্মগ্ৰন্থৰ পদ আদিৰ চানেকি তাঁতৰ কাপোৰত বৈ উলিওৱা নামঘোষা, গুণমালা, শ্ৰীমদ্ভাগৱত গীতা-ৰ চানেকিৰ বাবে জনাজাত। ২০১৩ চনৰ পৰা তেওঁ এই কামত মনোনিবেশ কৰে। তেখেতৰ এনে সৃষ্টিশীল কামৰ বাবে অসম চৰকাৰে তেওঁক ২০২১ চনৰ ৰাজ্যিক অসামৰিক সন্মান অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছে। ২০২৩বৰ্ষত ভাৰত চৰকাৰে হেমপ্ৰভা চুতীয়াক কলা/আৰ্ট বিষয়ত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
পদ্মশ্ৰী ৰামকুইৱাংবে জেনে
ডিমা হাচাও জিলাৰ বাসিন্দা ৰামকুইৱাংবে জেনে হৈছে এগৰাকী নগা সমাজ সংস্কাৰক। হেৰাই যাবলৈ ধৰা হেৰাকা ধৰ্ম সংৰক্ষণৰ বাবে এইগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছে। ইতিমধ্যে তেওঁ দহখনকৈ প্ৰাথমিক শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ লগতে নাৰী শিক্ষাৰ বাবেও বিশেষ বৰঙনি আগবঢ়াই আহিছে আৰু হেৰাকা ধৰ্মৰ টিংৱাং হিংগডেখন তেখেতে লিপিবদ্ধ কৰি উলিয়াইছে। ২০২৩বৰ্ষত ভাৰত চৰকাৰে ৰামকুইৱাংবে জেনেক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
Discussion about this post