তেলেগু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা, চিত্ৰনাট্যকাৰ কাছিনাধুনী বিশ্বনাথৰ বৃহস্পতিবাৰে হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৯২ বছৰ বয়সত দেহাৱসান ঘটে।
২০১০ চনত তেওঁৰ শেষৰখন তেলেগু ছবি সুভপ্ৰদম পৰিচালনা কৰা কিংবদন্তি পৰিচালকে আনকি তামিল আৰু হিন্দী চলচ্চিত্ৰ উদ্যোগতো ব্যাপক অৱদান আগবঢ়াইছিল।
১৯৩০ চনত অন্ধ্ৰ প্ৰদেশৰ ৰেপল্লেত জন্মগ্ৰহণ কৰা বিশ্বনাথে মাদ্ৰাজৰ ভৌহিনী ষ্টুডিঅ’ত Sound Recordist হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
বিভিন্ন ভাষাত ৫০খনতকৈও অধিক ছবি পৰিচালনা কৰা কাছিনাধুনী বিশ্বনাথ পাঁচবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সাতবাৰ ৰাজ্যিক নন্দী বঁটা আৰু দহবাৰ ফিল্মফেয়াৰ বঁটাৰে সন্মানিত হৈছিল।
বিশ্বনাথৰ ছবিবোৰ জাতি, ৰং, অক্ষমতা, লিংগ বৈষম্য, নাৰীবিদ্বেষ আৰু আৰ্থ-সামাজিক প্ৰত্যাহ্বানৰ দৰে সামাজিক বিষয়ৰ ওপৰত আছিল।
Discussion about this post