উত্তৰাখণ্ডৰ যোশী মথৰ দৰেই অনুৰূপ পৰিস্থিতিৰ সূচনা হৈছে জন্মু কাশ্মীৰত। জন্মুৰ ডোডাত ২২ টা ঘৰত মেলিছে ফাট ।
ভাৰত চৰকাৰৰ এটা ভূতাত্ত্বিক জৰীপৰ দল জম্মু-কাশ্মীৰৰ ডোডালৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকে এই বিষয়ে অধ্যয়ন চলাই আছে।
ইতিমধ্যে এছ ডি এমে অঞ্চলটোৰ দুৰ্যোগপীড়িত ১৯ টা পৰিয়ালক স্থানান্তৰ কৰিছে আন ঠাইলৈ।
ডোডা জিলাৰ দণ্ডাধীশ আথাৰ আমিনে কয় যে, ডিচেম্বৰ মাহত জিলাখনৰ কিছুমান ঘৰত ফাট মেলা খবৰ পোৱা গৈছিল। কিন্তু এতিয়া বাসগৃহত ফাট মেলাৰ সংখ্যা বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে।
Discussion about this post