জম্মু-কাশ্মীৰৰ দূৰৱৰ্তী এখন গাঁৱৰ পৰা তীব্ৰ বিষত ভুগি থকা এগৰাকী বৃদ্ধ মহিলাক তুষাৰপাতৰ মাজতে উদ্ধাৰ কৰে সেনাই এগৰাকী বৃদ্ধাক উদ্ধাৰ কৰে ভাৰতীয় সেনাই।
জানিব পৰা মতে শুকুৰবাৰে তুষাৰপাতৰ মাজেৰে খোজ কাঢ়ি মহিলাগৰাকীৰ ওচৰলৈ গৈছিল
সেনাই এক বিবৃতিত কয়, ভাৰতীয় সেনাৰ দলটোৱে দূৰৱৰ্তী জাবৰি গাঁৱৰ বাসিন্দা মীৰ মহম্মদৰ পৰা লাভ কৰা আহ্বান মৰ্মে তেওঁৰ ৮০ বছৰীয়া পত্নীক হাস্পাতাললৈ লৈ গৈছিল। তেওঁ জ্বৰ, বিষ আৰু অন্যান্য ৰোগত আক্ৰান্ত হৈছিল।
সেনা সকলে এক আঁঠুৰ গভীৰ বৰফৰ মাজেৰে খোজ কাঢ়ি অসুস্থ মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈছিলগৈ আৰু এজন সেনাই বৃদ্ধা গৰাকীক পিঠিত তুলি চিকিৎসালয়লৈ লৈ গৈছিল।।
Discussion about this post