দুই ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ নিৰ্দেশত আৰক্ষীয়ে অভিযান চলাই ইতিমধ্যে চাৰি সহস্ৰাধিক লোকক আটক কৰাৰ পাছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানিত মুখ থেকেচা খালে ৰাজ্য চৰকাৰে ৷
উল্লেখ্য যে,মঙলবাৰে বাল্য বিবাহৰ জামিন আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে কেইবাজনো অভিযুক্তৰ অগ্ৰিম জামিন মঞ্জুৰ কৰি , ন্যায়ালয়ে প্ৰশ্ন কৰে এইবোৰ গোচৰত কিয় জিন্মাত লব লাগে অভিযুক্তক ৷ লগতে কিয় POCSO লগাইছে বুলি চৰকাৰক প্ৰশ্ন কৰে ৷
একেদৰে আদালতে উল্লেখ কৰে যে, গ্ৰেপ্তাৰে মানুহৰ ব্যক্তিগত জীৱনত বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷ বহুলোকৰ সন্তান আছে ,পৰিয়াল আছে আৰু বৃদ্ধ পিতৃ -মাতৃ আছে ৷
আৰক্ষীয়ে যধেমধে কৰা গ্ৰেপ্তাৰৰ বিৰুদ্ধে ন্যায়ালয়ে কঠোৰভাৱে কয়,”আইন অনুসৰি আগবাঢ়িব দিয়ক, চাৰ্জ শ্বীট দাখিল কৰক, যদি তেওঁলোকক দোষী সাব্যস্ত হয় হ’ব ৷
ন্যায়াধীশ সুমন শ্যামৰ আদালতে আৰক্ষীৰ জিন্মাত থকা ব্যক্তিক সোধপোছ কৰাৰ দৰকাৰ কি বুলি প্ৰশ্ন কৰি কয়, গ্ৰেপ্তাৰ কৰি যিকোনো ধাৰা লগালেই হ’ব নেকি ৷ আনহাতে গ্ৰেপ্তাৰ কৰা সকলে চুৰি কৰিছিল নেকি বুলি কৈ চৰকাৰক প্ৰশ্ন কৰে ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই স্থিতিৰ পাছত ৰাজ্য চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ কি হয় সেইয়া হ’ব লক্ষণীয় ৷
Discussion about this post