দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ মোগল বাগিচাৰ নাম সলনি কৰি ‘অমৃত উদ্যান’
ভাৰতৰ স্বাধীনতা ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে চৰকাৰৰ ‘অমৃত মহোৎসৱ’ শীৰ্ষক বিষয়বস্তুৰ লগত মিলাই কেন্দ্ৰই নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ মোগল বাগিচাৰ নাম ‘অমৃত উদ্যোন’ নামেৰে নামাকৰণ কৰে।
ৰাষ্ট্ৰপতিয়ে ‘অমৃত উদ্যান’ উদ্বোধন কৰি জনাই, ‘অমৃত উদ্যান’ ৩১ জানুৱাৰীৰ পৰা ২৬ মাৰ্চলৈ জনসাধাৰণৰ দৰ্শনৰ বাবে মুকলি থাকিব। সাধাৰণতে বাগিচাখন বছৰত এবাৰ অৰ্থাৎ ফেব্ৰুৱাৰী মাহত ৰাজহুৱা দৰ্শনৰ বাবে খোলা থাকে, যেতিয়া ফুলবোৰ সম্পূৰ্ণকৈ ফুলি উঠে।
Discussion about this post