কাজিৰঙালৈ এটা ভাল খবৰ ৷ প্ৰকৃতিপ্ৰেমী, তথ্যচিত্ৰ নিৰ্মাতা, ফটোগ্ৰাফাৰ বিতোপন কলংলৈ National Geographic ৰ ইন্টাৰ্ণশ্বিপৰ সুবিধা ৷
ফটোগ্ৰাফাৰ তথা তথ্যচিত্ৰ নিৰ্মাতা বিতোপন কলঙক জাৰ্মানীৰ এটা দলৰ উদ্যোগত ৰাজস্থানত হ’বলগীয়া এমহীয়া ইন্টাৰ্ণশ্বিপলৈ নিমন্ত্ৰণ কৰিছে ৷ ইতিমধ্যে বহুকেইখন তথ্যচিত্ৰ নিৰ্মাণ কৰি সমাদৰ লাভ কৰা বিতোপন কলঙলৈ আগবঢ়োৱা এই প্ৰস্তাৱত উৎফুল্লিত কাজিৰঙাবাসী ৷
দীৰ্ঘ সময় ধৰি বহু ঘাট প্ৰতিঘাতৰ মাজেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে নিস্বাৰ্থভাৱে জড়িত থকা বিতোপন কলঙে কয় যে বন্যপ্ৰাণীৰ ফটোগ্ৰাফী বা তথ্য চিত্ৰ নিৰ্মাণ কৰাৰ বাবে বহু সুবিধা আছে কাজিৰঙাত ৷ বহু দিনৰ কষ্টৰ বিনিময়ত লাভ কৰা এই সুখবৰে তেওঁক আগুৱাই নিয়াত অনুপ্ৰেৰণা যোগাব বুলি মত প্ৰকাশ বিতোপন কলঙৰ ৷
Discussion about this post