এইবাৰ মুঠ ৭ দিনকৈ অনুষ্ঠিত হ’ব গণৰাজ্য দিৱসৰ কাৰ্যসূচী। ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৩০ জানুৱাৰীত অন্ত পৰিব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। উল্লেখ্যে যে, নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ পৰাই আৰম্ভ হ’ব এইবাৰৰ গণৰাজ্য দিৱস। আৰু এই দিৱসৰ সকলো কাৰ্যসূচী অন্ত পৰিব মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ দিনটোত।
ইয়াৰোপৰি এইবাৰ গণৰাজ্য দিৱসত ভি আই পিৰ আসনৰ সংখ্যা হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
এইবাৰ প্ৰথম শাৰীত বহাৰ সুযোগ লাভ কৰিব ৰিক্সা চালক, শাক-পাচলি বিক্ৰেতা আৰু শ্ৰমিকসকলে।
Discussion about this post