Gautam Adani :
কৰ’নাৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বছৰৰ অন্তিম সপ্তাহত পুঁজি বজাৰত বিপৰ্যয়ৰ সন্মুখীন হ’ল ভাৰতৰ সবাতোকৈ ধনাঢ্য ব্যক্তি গৌতম আদানী।
আদানী মালিকনাধীন আদানী গোষ্ঠীয়ে যোৱা সপ্তাহৰ অন্তিম চাৰিদিনত প্ৰায় ১.৭২ লাখ কোটি টকাৰ লোকচান বহন কৰিবলগীয়া হ’ল।
কৰ্প’ৰেট তথ্য বিশ্লেষণকাৰী সংস্থা এচইকুইটিৰ পৰিসংখ্যা অনুসৰি, আদানী গোষ্ঠীৰ সাতটা সংস্থাই পুঁজিৰ বজাৰত চাৰিদিনত ১.৭২ লাখ কোটি টকা হেৰুৱালে৷
যোৱা শুকুৰবাৰে আদানী উইলমাৰৰ সাত শতাংশ, আদানী পাৱাৰৰ ১৪.২৩ শতাংশ, আদানী ট্রান্সমিছনৰ ৬.৮২ শতাংশ, আদানী এণ্টাৰপ্ৰাইজেছৰ চাৰি শতাংশ আৰু আদানী গ্রীণ এনার্জী এণ্ড প’ৰ্টছৰ ৮-৯ শতাংশ শ্বেয়াৰমূল্য হ্রাস পাইছিল।
Discussion about this post