একাধাৰে কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক লগতে এটি মিঠা হাহিৰ গৰাকী নৱকান্ত বৰুৱা চাৰৰ জন্ম হৈছিল ১৯২৬ চনৰ আজিৰ দিনটোতেই ।
সাহিত্যৰ আটাইতকৈ কঠিন শ্ৰেণীবোৰৰ অন্যতম হৈছে শিশু সাহিত্য । কিয়নো, য’ত হিংসা, হত্যা এইবোৰৰ স্থান নাই । আছে কেৱল ৰঙীণ ফুল, পখিলা আদি । শিশু এগৰাকীৰ মনত প্ৰভাৱ পেলাব পৰা লিখক সকলৰ অন্যতম আছিল নৱকান্ত বৰুৱা চাৰ ।
এই গৰাকী সাহিত্যিকৰ সৃষ্টিৰাজিৰ বিষয়বস্তু আছিল বৰেণ্য । জীৱন, দৰ্শন, প্ৰেম, মৃত্যু সকলো বিষয়কেই আৱৰি জীৱনকালত ৰচনা কৰি গৈছিল ৮ খন উপন্যাস । ইয়াৰ ওপৰিও আছিল ১১ খন কাব্যগ্ৰন্থ ।
আনহাতে কেৱল অসমীয়া সাহিত্য, ভাষাতত্ত্বই নহয় বৰং ইংৰাজী ভাষাতো তেওঁ প্ৰকাশ কৰিছিল এক কাব্যগ্ৰন্থ । বিশিষ্ট সাহিত্যিক গৰাকীৰ এই অতুলনীয় অৱদানৰ বাবেই ১৯৭৬ চনত তেওঁলৈ পদ্মভূষণ সন্মান আগবঢ়োৱাৰ ওপৰিও ১৯৭৫ চনত আগবঢ়োৱা হৈছিল সাহিত্য অকাডেমি বঁটা , ১৯৯৩ চনত আগবঢ়োৱা হৈছিল অসম উপত্যকা সাহিত্য বঁটা। সমগ্ৰ জীৱন কালত আন বহু কেইটা বঁটা বাহনেৰে বিভূষিত কৰা হৈছিল এই গৰাকী সাহিত্যিকক ।
Discussion about this post